অসম

assam

CM Himanta Biswa Sarma: এছচিইআৰটিৰ কেলেংকাৰী জড়িত 12 সাংবাদিক, আৰটিআই কৰ্মী কোন কোন ?

By

Published : May 31, 2023, 8:18 PM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ৷ কেইবাটাও বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীগৰাকীৰ ৷ অসম ৰাজ্যিক পৰিবহন নিগমত বিভিন্ন পদত অনিয়মেৰে নিযুক্তি, এছ চি ই আৰ টিৰ কেলেংকাৰী সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীগৰাকীৰ (CM Himanta Biswa Sarma Press Meet) ৷

CM Himanta Biswa Sarma Press Meet
মুখ্যমন্ত্ৰীৰ সংবাদমেল

ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

গুৱাহাটী, 31 মে' : অনিয়মেৰে নিযুক্তি লাভ কৰা সকলৰ চাকৰি যাবই ৷ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ অসম ৰাজ্যিক পৰিবহন নিগমত বিভিন্ন পদত অনিয়মেৰে নিযুক্তি লাভ কৰা 771 গৰাকী কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ নিৰ্দেশ দিয়া হৈছে ৷ এই সন্দৰ্ভত বুধবাৰে জনতা ভৱনত সংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, সাক্ষাতকাৰ অবিহনে অবৈধভাৱে নিযুক্তি পালে চাকৰি যোৱাটো স্বাভাৱিক ৷ উল্লেখ্য যে আনন্দ প্ৰসাদ তিৱাৰী অসম ৰাজ্যিক পৰিবহন নিগমৰ পৰিচালন সঞ্চালকৰ দায়িত্বত থকাৰ সময়ত পৰিবহন নিগমত অবৈধভাৱে বহু সংখ্যক পদত নিযুক্তি দিয়া হৈছিল (Press Meet of CM Himanta Biswa Sarma) ৷

এই সন্দৰ্ভত তদন্ত কৰি অবৈধভাৱে নিযুক্তি পোৱাসকলক বৰ্খাস্ত কৰাৰ বাবে নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সেই অনুসৰি অবৈধভাৱে নিযুক্তি লাভ কৰা 771 গৰাকীক চিনাক্ত কৰা হৈছে ৷ এই কৰ্মচাৰীসকলক বৰ্খাস্ত কৰা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী কয় যে অবৈধভাৱে নিযুক্তি পোৱাসকলৰ চাকৰি যাব ৷ যোগ্যতা থাকিলে তেওঁলোকে পুনৰ চাকৰিৰ বাবে আবেদন কৰিব পাৰিব ৷ চৰকাৰে সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি দিব ৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অবৈধভাৱে নিযুক্তি দিয়া বিষয়াসকলো তদন্তৰ আওঁতালৈ আহিব ৷ দোষী বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ কয় ৷ মন্ত্ৰীৰ ভতিজা নাইবা বিষয়াৰ ভাগিন বুলি অনিয়মেৰে দিয়া নিযুক্তি মানি লোৱা নহ'ব (CM Himanta Biswa Sarma) ৷

আনহাতে এছ চি ই আৰ টিৰ কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে এই কেলেংকাৰীত 12 জন সাংবাদিক আৰু আৰ টি আই কৰ্মী জড়িত আছে ৷ চৰকাৰী একাউণ্টৰ পৰা ধন ট্ৰান্সফাৰ হৈছে ৷ এই কেলেংকাৰীত ৰাজনৈতিক দলৰ কৰ্মীও আছে ৷ মুখ্যমন্ত্ৰীয়ে আৰু কয় যে, সকলোতে ভাল মানুহ আৰু বেয়া মানুহ থাকে ৷

উল্লেখ্য যে এছ চি ই আৰ টিৰ সঞ্চালক হিচাবে থকাৰ সময়তে শেৱালী দেৱী শৰ্মা আৰু তেওঁৰ ঠিকাদাৰ জোঁৱায়েকৰ নেতৃত্বত সংঘটিত হৈছিল এই 105 কোটি টকীয়া কেলেংকাৰী ৷ এই কেলেংকাৰীৰ বিষয়ে পোহৰলৈ অহাৰ পাচতে পলায়ন কৰিছিল শেৱালী দেৱী শৰ্মাই ৷ অৱশ্যে চি এম ভিজিলেঞ্চৰ দলে শেৱালী দেৱী শৰ্মাক ৰাজস্থানৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ৷ তেওঁৰ সৈতে গ্ৰেপ্তাৰ কৰিছিল জোঁৱায়েকসহ আন দুজনকো ৷ সমান্তৰালকৈ গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছিল শেৱালী দেৱী শৰ্মাৰ জীয়ৰীকো (Himanta Biswa Sarma Reacts on SCERT scam) ৷

ইয়াৰ পাচতে শেৱালী দেৱী শৰ্মাক জেৰা কৰাৰ সময়তে পোহৰলৈ আহিছিল এই কেলেংকাৰীৰ সৈতে কিদৰে বিভিন্ন দল-সংগঠনৰ নেতা, সাংবাদিক আদি জড়িত আছিল ৷ শেৱালী দেৱী শৰ্মাই দিয়া তথ্যৰ আধাৰতে চি এম ভিজিলেঞ্চে ইতিমধ্যে জেৰা কৰি গ্ৰেপ্তাৰ কৰিছে সাংবাদিক পূজামণি দাস ‍আৰু ভাস্কৰজ্যোতি হাজৰিকা আৰু টি আই কৰ্মী ৰবিজিৎ গগৈ আৰু অনুপ শইকীয়াক ৷ ইয়াৰ প‍াচতে বহু লোকৰ নাম চৰ্চালৈ আহিছিল ৷ এই সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কেলেংকাৰীটোত আৰু 12 জন সাংবাদিক আৰু আৰ টি আই কৰ্মী জড়িত থকাৰ তথ্য সদৰী কৰে (ASTC to Lay Off Illegally Recruited Employees) ৷

লগতে কৰ বৃদ্ধিৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে টাৰ্গেট নিৰ্ধাৰণ কৰাটো নিয়মমাফিক প্ৰক্ৰিয়া ৷ প্ৰত্যেক বছৰে টাৰ্গেট ফিক্সড কৰা হয় ৷ টাৰ্গেট নাথাকিলে বিষয়াসকলে কি কাম কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰে ৷ আনহাতে অসমত ধঁপাত সেৱনৰ ফলত কৰ্কট ৰোগৰ হাৰ বৃদ্ধি পোৱাৰ প্ৰসংগৰে অসমক ধঁপাতমুক্ত ৰাজ্য হিচাপে ঘোষণা কৰিব নোৱাৰি নেকি বুলি সাংবাদিকে প্ৰশ্ন কৰিছিল ৷ ইয়াৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে, অসমক ধঁপাত মুক্ত কৰিব পাৰিলে ভাল হয় ৷ কিন্তু এখন ৰাজ্যই অকলে কৰিব গ'লে বিক্ৰী বন্ধ হৈ নাযায় ৷ এই কাম ৰাষ্ট্ৰীয় পৰ্যায়ত হ'ব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে সকলো ধৰণৰ ধঁপ‍াতজাতীয় সামগ্ৰী বন্ধ হ'লে ভাল হয় (Assam SCERT Scam) ৷

আনহাতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব বুলি সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে ফলাফল ঘোষণাৰ বাবে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ প্ৰস্তুত হোৱা নাই ৷ কিছু পলম হৈছে যদিও শীঘ্ৰেই ফলাফল ঘোষণা কৰা হ'ব ৷ শিক্ষা সংসদক বেছি হেঁচা দিলে খৰধৰকৈ ফলাফল দিলে ভুল হ'ব পাৰে ৷ তাৰ বাবে হেঁচা দিয়া হোৱা নাই ৷ যথা সময়ত ফলাফল ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে (CM Himanta Biswa Sarma Press Meet) ৷

লগতে পঢ়ক:SCERT scam: দীঘল হোৱাৰ সম্ভাৱনা কেলেংকাৰীত জড়িত লোকৰ নামৰ তালিকা

ABOUT THE AUTHOR

...view details