গুৱাহাটী, ২৫ ফেব্ৰুৱাৰী :সমগ্ৰ বিশ্বতে ভাবুকিৰ কাৰক হৈ পৰা জলবায়ু পৰিৱৰ্তনে অসমলৈও অশনি সংকেত কঢ়িয়াই আনিছে । জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তনৰ ফলত ৰাজ্যখনত তাপমাত্ৰা বৃদ্ধি পোৱাৰ বিপৰীতে হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ ।
অভাৱনীয়ভাৱে বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ ফলত সংকটত পৰিছে অসম আৰু অসমীয়াৰ জীৱন ৰেখাসদৃশ মহাবাহু ব্ৰহ্মপুত্ৰ (M Mahabahu Brahmaputra is sick)। উদ্বেগৰ বিষয় যে লুইতৰ পানী অস্বাভাৱিকভাৱে শুকাবলৈ আৰম্ভ কৰিছে । যাৰ ফলত শদিয়াৰ পৰা ধুবুৰীলৈকে এতিয়া ব্ৰহ্মপুত্ৰৰ বুকু বালিময় হৈ পৰিছে (Climate change impacts on Mahabahu Brahmaputra)। সংকটত পৰিছে নদীখনৰ পাৰত বাস কৰা লোকসকলৰ লগতে জলজ প্ৰাণীসমূহ ।
লক্ষণীয় বিষয় যে জলবায়ুৰ পৰিৱৰ্তনৰ ফলত ৰাজ্যখনত বিগত বাৰিষা অস্বাভাৱিকভাৱে বৰষুণ হোৱাৰ লগতে খৰালি কালত এতিয়া বৰষুণৰ পৰিমাণ অভাৱনীয়ভাৱে হ্ৰাস পাইছে (Climate change in Assam) । বিগত ডেৰ মাহতে ৰাজ্যখনত প্ৰায় ৭৫ শতাংশ বৰষুণ হ্ৰাস পাইছে । বিশেষকৈ বৰপেটা, বাক্সা, নলবাৰী, মৰিগাঁও, হাইলাকান্দি আদি জিলাত স্বাভাৱিকতকৈ ৯৭ শতাংশ পর্যন্ত বৰষুণ হ্ৰাস পাইছে । যাৰ ফলত কৃষকসকলে হাহাকাৰ কৰিবলগীয়া হৈছে ।
উল্লেখ্য যে, ৱৰ্ল্ড মেট্ৰল’জিকেল অৰ্গেনাইজেশানে প্ৰকাশ কৰা প্ৰভিজনেল ষ্টেট অব দ্য গ্ল’বেল ক্লাইমেট ইন-২০২২ শীর্ষক প্ৰতিবেদনখনতো অনাগত দিনত অসম তথা উত্তৰ-পূৱত প্ৰকৃতিয়ে ভয়ানক ৰূপ লোৱাৰ আগজাননী দিছে । সেইদৰে বেংগালুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স, মাণ্ডি আৰু গুৱাহাটী আই আই টিৰ এটা বিশেষজ্ঞ দলে প্ৰকাশ কৰা মতে জলবায়ুৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত সকলোতকৈ সংবেদনশীন ৰাজ্য হিচাপে বিবেচিত হৈছে অসম ।
ইফালে মহাবাহুৰ পানী অভাৱনীয়ভাৱে হ্ৰাস পোৱাৰ ফলত ডিব্ৰু-চৈখোৱা আৰু পবা বৰ্ষাৰণ্যৰ লগতে অৰুণাচল প্ৰদেশৰ ডি ইৰিং ৰাষ্ট্ৰীয় উদ্যানলৈ নামি আহিছে ভাবুকি । লক্ষণীয় বিষয় যে ১৯৫০ চনত হোৱা বৰভূমিকম্পৰ পিচৰে পৰা ব্ৰহ্মপুত্ৰৰ চৰিত্ৰ ব্যাপকভাৱে সলনি হ’বলৈ ধৰে । প্ৰতি বছৰে বান-খহনীয়াৰ প্ৰকোপ ক্ৰমে বৃদ্ধি পাইছে ।