গুৱাহাটী, ৫ মাৰ্চ :মহানগৰীত চলাচল কৰা চিটিবাছ চালক সকলে পৰিবহন বিভাগৰ আইন নামানে । এই ভাষ্য মহানগৰীত বাছ চলোৱা চিটিবাছ চালকৰ ।
পৰিবহন বিভাগৰ আইন নামানে মহানগৰীৰ চিটিবাছ চালকে - চিটিবাছ চালক
পৰিবহন বিভাগৰ উপৰত ক্ষোভ চিটিবাছ চালকৰ
মহানগৰীত চিটিবাছ চালৰ প্ৰতিবাদ
চিটিবাছ চালক সকলে এটা কথা স্পষ্ট কৰিছে যে চিটিবাছ সমুহত হেণ্ডিমেন নোহোৱাকে তেওঁলোকে গুৱাহাটীত চিটিবাছ সমুহ চলাব নোৱাৰে । কিয়নো তেঁওলোকৰ ভাষ্য অনুসৰি গুৱাহাটীৰ ৰাজপথত বাইক চালক সকলে বাছৰ দুয়ো ফালেৰ পৰা উদণ্ড ভাৱেবাইক চলায় যাৰ বাবে বাছত হেণ্ডিমেনৰ বহু দৰকাৰ হয় । ইয়াৰ উপৰিও বৃদ্ধ লোকসকল বা স্কুলীয়া ছাত্ৰ ছাত্ৰী সকল বাছত উঠিলে হেণ্ডিমেন সহায় কৰে । সেয়ে পৰিবহন বিভাগৰ নিয়মৰ প্ৰতিবাদত আজি বহু চিটিবাছ চালক সকলে বন্ধ ৰাখিলে নিজ নিজ চিটি বাছ সমূহ ।
Last Updated : Mar 5, 2019, 4:26 PM IST