অসম

assam

ETV Bharat / state

হোটেল ভাৰ্গৱত মহানগৰ ক্ৰাইম ব্ৰাঞ্চ আৰু চিআইডিৰ হাতোৰা - Crime Branch Guwahati

চাকৰিৰ খালী পদত নিযুক্তি সন্দৰ্ভত পোহৰলৈ অহা কেলেংকাৰীয়ে তোলপাৰ লগাইছে ৰাজ্য ৷ অসম আৰক্ষীৰ মহানগৰ অপৰাধ শাখা আৰু চিআইডি-য়ে যুটীয়াভাৱে চলোৱা অভিযানত নাম সাঙোৰ খাইছে নামী-দামী ৰাজনৈতিক নেতা-পালিনেতাৰ ৷ সম্প্ৰতিও অব্যাহত আছে এই অভিযান ৷

CID and Crime branch raid in Hotel bhargav guwahati assam etv bharat news
হোটেল ভাৰ্গৱত অভিযান

By

Published : Sep 24, 2020, 3:25 PM IST

গুৱাহাটী,24 ছেপ্তেম্বৰ: অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীক কেন্দ্ৰ কৰি তোলপাৰ ৰাজ্য ৷ এই কেলেংকাৰীত এতিয়া নাম সাঙোৰ খাইছে নামী-দামী ৰাজনৈতিক নেতা-পালিনেতাৰ ৷ আৰক্ষীৰ প্ৰাথমিক তদন্তত এই মুহুৰ্তলৈকে পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য ৷ অভিযানকাৰী দলে সোধ-পোচৰ বাবে আটক কৰিছে প্ৰায় বাৰগৰাকী লোকক ৷

হোটেল ভাৰ্গৱত অভিযান

বুধবাৰে নিশাৰ পৰা মহানগৰ ক্ৰাইম ব্ৰাঞ্চ আৰু চিআইডি-ৰ এটা দলে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত ডিআইজি পি কে দত্তৰ বাসভৱনৰ লগতে দত্তৰ বিলাসী হোটেল হোটেল ভাৰ্গৱত তালাচী চলায় ৷ এই অভিযানকালত বুধবাৰে নিশা প্ৰায় 5 কিল’গ্ৰাম সোণৰ আ-অলংকাৰৰ লগতে বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰে ক্ৰাইম ব্ৰাঞ্চে ৷ বৃহস্পতিবাৰে পুৱাৰ পৰা পুনৰ অসম আৰক্ষীয়ে অভিযান চলাইছে পি কে দত্তৰ ভাৰ্গৱ হোটেলৰ লগতে আন পাঁচখন বিলাসী হোটেলত ৷ অৱশ্যে এই পৰ্যায়লৈকে অভিযানকাৰী দলটোৱে সংবাদ মাধ্যমৰ আগত অভিযান সন্দৰ্ভত কোনো কথা অৱগত কৰা নাই ৷ আৰক্ষীৰ এই অভিযানৰ বিষয়ে জানিব পাৰি নিশাৰ ভাগতে বাসগৃহৰ পৰা পলায়ন কৰিছে প্ৰাক্তন ডিআইজি গৰাকী ৷ বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগলৈকে আটক হোৱাৰ সম্ভাৱনা আছে পি কে দত্ত ৷

লগতে চাওকঃসুৰামত্ত ই-ৰিক্সা চালকক গণপ্ৰহাৰ

ABOUT THE AUTHOR

...view details