অসম

assam

ETV Bharat / state

কিমান সুৰক্ষিত গুৱাহাটীৰ গীৰ্জাঘৰ ? - শ্ৰীলংকা

শ্ৰীলংকাৰ কলম্বোৰ গীৰ্জাঘৰত হোৱা ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতেই ভাৰতৰ অন্যন্যা প্ৰান্তৰ লগত অসমৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী মহানগৰীৰ গীৰ্জা সমূহ কিমান সুৰক্ষিত ?

কিমান সুৰক্ষিত গুৱাহাটীৰ গীৰ্জাঘৰ ?

By

Published : Apr 28, 2019, 10:04 PM IST

গুৱাহাটী, 28 এপ্ৰিলঃ শ্ৰীলংকাৰ কলম্বোত ইষ্টাৰৰ সময়ত এসপ্তাহ পূৰ্বে গীৰ্জাত সংঘটিত হৈছিল এক ভয়ংকৰ ধাৰাবাহিক আত্মঘাতী বোমা বিস্ফোৰণ ৷ য'ত প্ৰায় তিনি শতাধিকৰো অধিক লোকে প্ৰাণ হেৰুৱালগীয়া হৈছিল আৰু আহত হৈছিল 500 তকৈও অধিক লোক ৷

এই আক্ৰমণে সমগ্ৰ বিশ্ব কঁপোৱাৰ সময়তে প্ৰশ্ন কিমান সুৰক্ষিত গুৱাহাটীৰ গীৰ্জা সমূহ ? ইটিভি ভাৰতৰ সাংবাদিকৰ পৰ্যবেক্ষণত ওলাল প্ৰশাসনৰ ফোপোলাস্বৰূপ ৷ মহানগৰ প্ৰশাসনৰ তৰফৰ পৰা বৰ্তমান লৈকে লোৱা হোৱা নাই কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থাৰ পদক্ষেপ । গীৰ্জাৰ কমিটি সমূহে নিজাববীয়াকৈ কৰিছে চি চি টিভিৰ ব্যৱস্থা ৷ অৱশ্যে সকলো লোকৰ বাবে গীৰ্জাত প্ৰৱেশৰ অনুমতি থাকিলেও তীক্ষ্ন দৃষ্টি ৰখা ৰাখিছে সন্দেহজনক লোকৰ ওপৰত গীৰ্জা কমিটিয়ে ৷

কিমান সুৰক্ষিত গুৱাহাটীৰ গীৰ্জাঘৰ ?

আৰু পঢ়কঃ এইবাৰ জাতীয় পতাকা ফাটিল গুৱাহাটী ৰে'লৱে ষ্টেচনত

শ্ৰীলংকাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাকলৈ গীৰ্জাৰ ফাডাৰে কয় যে এইয়া দুৰ্ভাগ্যজনক আৰু অনাকাংক্ষিত ৷ বৰ্তমান সময়ত আমি নিজে সাৱধান হোৱাটো বহুত প্ৰয়োজন, সন্ত্ৰাসবাদীৰ কোনো জাতি ধৰ্ম নাই । আনহাতে কেৱল গীৰ্জা ঘৰে নহয় অনাগত দিনত মন্দিৰ, মচজিদটো সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হ'ব পাৰে ৷ গতিকে আমি সচেতনতা বৃদ্ধি কৰাটো দৰকাৰী বুলি কয় গীৰ্জাৰ বিষয়ববীয়াই ৷

ABOUT THE AUTHOR

...view details