অসম

assam

ETV Bharat / state

শিশু দিৱস উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাৱত গানৰ ভিডিঅ’ মুকলি - শিশু দিৱস

শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত শিশু দিৱস উপলক্ষে আটক ধুনীয়া গানৰ ভিডিঅ’ ‘জুমকা বাজে’ৰ মুকলি ৷ অভিনেত্রী ভ্রান্তি মেধি আৰু ৰিষ্টিণা প্রিয়া শৰ্মাৰ সাৱলীল অভিনীত আৰু কণ্ঠশিল্পী হিয়া মেধিৰ কণ্ঠৰে নিগৰা এই ভিডিঅ’টি মুকলি কৰা হয় ৷

video release
গানৰ ভিডিঅ’ মুকলি

By

Published : Nov 14, 2020, 7:55 PM IST

গুৱাহাটী,14 নৱেম্বৰ : শিশু দিৱস উপলক্ষে শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় এক ব্যতিক্রমী অনুষ্ঠান । অভিনেত্রী ভ্রান্তি মেধি আৰু ৰিষ্টিণা প্রিয়া শৰ্মাৰ সাৱলীল অভিনীত আৰু কণ্ঠশিল্পী হিয়া মেধিৰ কণ্ঠৰে আটক ধুনীয়া গানৰ ভিডিঅ’ ‘জুমকা বাজে’ৰ মুকলি কৰা হয় ।

এম. জি.প্ৰডাকচনৰ বেনাৰত নিৰ্মিত গানটোৰ শুভমুক্তি অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ অভিনেত্ৰী চেতনা দাস, জ্যেষ্ঠ সাংবাদিক দেৱজিৎ ভূঞা, সংগীত শিল্পী অনুপন শইকীয়া আৰু সমাজ সেৱিকা লিপিকা শৰ্মা । ইয়াৰ সমান্তৰালকৈ কেইবাগৰাকীও শিশুৰ দ্বাৰা ভিডিঅ’ এলবামটি উন্মোচন কৰা হয় ।

গানৰ ভিডিঅ’ মুকলি

উন্মোচিত ভিডিঅ’টিৰ পৰিচালক মণি গোস্বামী, গানৰ কথা মনোজ মর্টিনৰ, সুৰ কুমাৰ ধনীৰ, সংগীত তানা দেৱৰাজৰ, স্থিৰ চিত্র পল্লৱ মহন্ত, অনুষ্ঠানৰ আঁত ধৰে গগণাষ্টম গগৈয়ে। অনুষ্ঠানৰ শেষত আয়োজকসকলে সকলোকে শলাগৰ শৰাই আগবঢ়ায় ।

আনহাতে, ৰিষ্টিণা প্রিয়া শৰ্মাৰ সত্ৰীয়া নৃত্যৰ মনোৰম অনুষ্ঠান লগতে শলাগনীয় ভাষণ আছিল অনুষ্ঠানৰ অন্যতম আকর্ষণ । ভূপেন্দ্র সংগীতৰ মননশীল অনুষ্ঠান শিশুশিল্পী তনুশ্রী কলিতাই প্রদর্শন কৰে। বিহু নৃত্যৰ আকর্ষণীয় অনুষ্ঠান জিয়া শৰ্মাই প্রদর্শন কৰি সকলোকে আমোদ প্রদান কৰে । সমাজসেৱিকা লিপিকা শর্মাই অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰি প্ৰাৰম্ভিকতে মাংগলিক কাৰ্যসূচী ৰূপায়ন কৰে ।

লগতে পঢ়ক :বিগ বছ : হাই ভ’ল্টেজ ড্ৰামাৰ এখন ঘৰ

ABOUT THE AUTHOR

...view details