অসম

assam

ETV Bharat / state

Har ghar dastak : স্থান ট্ৰেকিং কৰি কৰি প্ৰতিষেধক প্ৰদান গুৱাহাটীত - মুখ্য সচিব জিষ্ণু বৰুৱা

‘হৰ ঘৰ দস্তক’ অভিযানত গাঁৱে-ভূঞে, ঘৰে ঘৰে প্ৰতিষেধক প্ৰদান (Mass vaccination under har ghar dastak)। স্থান ট্ৰেকিং কৰি পাহাৰত সন্ধান বিচাৰি ঘৰত প্ৰতিষেধক দিয়ালে মুখ্য সচিব জিষ্ণু বৰুৱাই। ভেকচিন গ্ৰহণ নকৰা লোকক বিচাৰি বিভিন্ন স্থানত চৰকাৰী বিষয়া ।

chief-secretary-of-state-at-a-remote-hill-station-for-vaccination
Har ghar dastak : স্থান ট্ৰেকিং কৰি কৰি প্ৰতিষেধক প্ৰদান গুৱাহাটীত

By

Published : Nov 30, 2021, 10:21 PM IST

গুৱাহাটী, ৩০ নৱেম্বৰ : কামৰূপ মহানগৰ জিলাত ভেকচিন নোলোৱাকৈ এজনো লোক যাতে বাদ পৰি যাব নোৱাৰে তাৰ বাবে ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ অভিযানত ভোট কেন্দ্ৰৰ ভোটাৰক ট্ৰেক কৰি সন্ধান বিচাৰি প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা লোৱা হৈছে । মঙলবাৰে দ্বিতীয় দিনা কামৰূপ মহানগৰ জিলাত হৰ ঘৰ দস্তক(Har ghar dastak)ৰ নীৰিক্ষক হিচাপে নিয়োজিত মুখ্য সচিব জিষ্ণু বৰুৱাই(chief secretary Jishnu Barua) পাটৰকুছিৰ পাহাৰীয়া এলেকাত বিশেষ গুৰুত্ব প্ৰদান কৰে ৷

অঞ্চলটোৰ কেইজনমান লোকে ক’ভিড প্ৰতিষেধক ল’বলৈ দ্বিধাগ্ৰস্ত হৈ আছে বুলি জানিব পাৰি তেওঁ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ দাস, দিছপুৰৰ চক্ৰ বিষয়া (ভাৰপ্ৰাপ্ত) চিন্ময় নেওগ তথা চিকিংসক, স্বাস্থ্যকৰ্মীৰ সৈতে পাহাৰত বাস কৰা কেবাজনো ব্যক্তিক পুৱাতে ক’ভিড প্ৰতিষেধক প্ৰদান কৰোৱায় ।

হেঙেৰাবাৰী ক’ভিড প্ৰতিষেধক কেন্দ্ৰৰ কাম-কাজ নীৰিক্ষণ কৰাৰ উপৰি মুখ্য সচিবগৰাকীয়ে বৰবাৰীস্থিত কেবাখনো দোকানত সোমাই কৰ্মচাৰীসকলৰ ক’ভিড প্ৰতিষেধক লোৱাৰ বিষয়ে সোধ-পোচ কৰাৰ উপৰি অঞ্চলৰটোৰ ঘৰে ঘৰে গৈ দিব্যাংগ সহ ২২ গৰাকী পুৰুষ-মহিলাক প্ৰথম পালি আৰু ২৪ গৰাকীক দ্বিতীয় পালি প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰে ।

অনুৰূপ ধৰণে, জিলাখনত নিয়োজিত আন এজন নিৰীক্ষক, সচিবালয়ৰ প্ৰশাসনিক বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্ননে মঙলবাৰে অতিৰিক্ত উপায়ুক্ত মুনীন্দ্ৰ বৰদলৈ, সোণাপুৰৰ চক্ৰ বিষয়া (সংলগ্ন) হিমাদ্ৰি বৰা আৰু স্বাস্থ্যকৰ্মীৰ সৈতে সোণাপুৰৰ ভড়াগাঁও, টেঘেৰিয়া, খমাৰ, কিলিং, টালনি আদি গাঁৱত গৈ মানুহৰ ঘৰত প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰে ।

সেইদৰে অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসে আজাৰা, গড়ল আদি স্থানত, ড° ধ্ৰুৱ জ্যোতি হাজৰিকাই জালুকবাৰী, পাণ্ডু, কামাখ্যা কলনি আৰু চাৰিওটা ৰাজহ চক্ৰত সংশ্লিষ্ট চক্ৰ বিষয়াসকলে ‘হৰ ঘৰ দস্তক’ কাৰ্যসূচীৰ তদাৰক কৰে(circle officers supervised har ghar dastak mission) ।

লগতে পঢ়ক:Mob lynching in Jorhat : আছু নেতাৰ নিগ্ৰহৰ পিছত কি ক’লে লুৰীণ জ্যোতিয়ে ?

ABOUT THE AUTHOR

...view details