অসম

assam

ETV Bharat / state

সৰুসজাইস্থিত কোৱাৰেইণ্টাইন কেন্দ্ৰ পৰিদর্শন মুখ্যমন্ত্ৰীৰ - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

সৰুসজাই কোৱাৰেইণ্টাইন কেন্দ্ৰ পৰিদর্শন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কোৱাৰেইণ্টাইন কেন্দ্ৰৰ সকলো ব্যৱস্থাৰ বুজ লৈ ৰাইজক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে ।

chief minister sarbananda sonowal visited sarusajai quarantine centre
chief minister sarbananda sonowal visited sarusajai quarantine centre

By

Published : May 14, 2020, 10:32 PM IST

গুৱাহাাটী, 14 মে':বৃহস্পতিবাৰে সৰুসজাইস্থিত কোৱাৰেইণ্টাইন কেন্দ্ৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুজ ল'লে কেন্দ্ৰটোৰ সকলো ব্যৱস্থাৰ । মুখ্যমন্ত্ৰী গৰাকীৰ লগতে সৰুসজাই কোৱাৰেইণ্টাইন কেন্দ্ৰত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও । মুখ্যমন্ত্ৰী গৰাকীয়ে সৰুসজাইস্থিত কোৱাৰেইণ্টাইন কেন্দ্ৰৰ সকলো দিশ পৰিদর্শন কৰি সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে, ৰাজ্যত কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাই আছে । চৰকাৰে আক্ৰান্ত লোক সকলক সকলো ধৰণৰ চিকিৎসা প্ৰদান কৰি আহিছে আৰু চৰকাৰ কৰ'ণা বিৰোধী যুদ্ধখনৰ বাবে সম্পূৰ্ণ প্ৰস্তুত । চৰকাৰক কেৱল প্ৰয়োজন ৰাইজৰ সহায় সহযোগৰ ।

সৰুসজাইস্থিত কোৱাৰেইণ্টাইন কেন্দ্ৰ পৰিদর্শন মুখ্যমন্ত্ৰীৰ

ৰাজ্যত কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা যদিও বৃদ্ধি পাইছে, মুখ্যমন্ত্ৰী গৰাকীয়ে এই ক্ষেত্ৰত ৰাইজক আতংকিত নহ'বলৈ আহ্বান জনাইছে । ৰাইজে কৰ'ণাৰ বিৰুদ্ধে সজাগ আৰু সতৰ্ক হৈ থাকিব লাগিব বুলিও কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

লগতে পঢ়কঃবিশ্বৰ বিভিন্ন দেশত COVID-19ৰ সামগ্ৰিক তথ্য !

ABOUT THE AUTHOR

...view details