গুৱাহাটী, ১১ ছেপ্টেম্বৰ : সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ উদ্যোগত আৰু ভাৰতীয় টাইকোৱাণ্ডো ফেডাৰেশ্যনৰ সহযোগত সৰুসজাই ক্ৰীড়া প্ৰকল্পত নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত বিগত 9 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত ৰাষ্ট্ৰীয় ছিনিয়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাৰ সোমবাৰে সামৰণি পৰে । অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে ।
উল্লেখ্য যে, দেশৰ প্ৰায় ১৩ শ খেলুৱৈ আৰু কৰ্মকৰ্তাই ৩৯ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ কিউৰোগী আৰু ১২ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ পুমছে টাইকোৱাণ্ডো প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল । আজি সৰুসজাই ক্ৰীড়া প্ৰকল্পত নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত কেৰেলা আৰু মহাৰাষ্ট্ৰৰ মাজত অনুষ্ঠিত হোৱা চূড়ান্ত খেল মুখ্যমন্ত্ৰীয়ে উপভোগ কৰে ।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সম্প্ৰতি দেশ ক্ৰীড়াৰ ক্ষেত্ৰখনত যথেষ্ট উজলি উঠিছে । বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দেশৰ খেলুৱৈসকলে অনন্য প্ৰতিভা দেখুৱাবলৈ সক্ষম হৈছে বুলিও তেওঁ কয় । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এনেধৰণৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহ অসমত অনুষ্ঠিত হ’লে ৰাজ্য চৰকাৰে সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়াব । তেওঁ খেলুৱৈসকলক অধিক পৰিশ্ৰমেৰে নিজৰ প্ৰতিভা বিকশিত কৰি তোলাৰ বাবেও আহ্বান জনায় । অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে প্ৰতিযোগিতা উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ এখনো উন্মোচন কৰে ৷