গুৱাহাটী,1 জুনঃ লক ডাউনে জীৱনলৈ অন্ধকাৰ নমাই আনিছে মৃৎ শিল্পীসকলৰ। এসাজ খাই এসাজ খাবলৈ ভাবিবলগীয়া হৈছে এইসকল শিল্পীয়ে। ৰাজ্যত প্ৰায় ১ লাখ মৃৎ শিল্পী আছে। হাজাৰতকৈ অধিক শিল্পী আছে গুৱাহাটীত। এই আটাইবোৰৰে এতিয়া তথৈবচ অৱস্থা। মূৰে কপালে হাত দিবলগীয়া হৈছে শিল্পীসকলে। মহামাৰী কৰ'ণাৰ ভয়াৱহতাৰ বাবে পূজা-পাৰ্বণ অনুষ্ঠিত নোহোৱা কাৰণেই এতিয়া এনে হাহাকাৰ অৱস্থা তেওঁলোকৰ ।
লক ডাউনৰ পাচত মৃৎ শিল্পী সকলৰ কি হ'ব ভৱিষ্যৎ - ceramics problems in aassam
সমগ্ৰ অসমতে আছে এক লাখতকৈয়ো অধিক মৃৎ শিল্পৰ লগত জৰিত লোক । লক ডাউনৰ ফলত কমি গৈছে পূজা-পাতল অথবা প্ৰতিমাৰ চাহিদা । সেয়ে তথৈবচ অৱস্থা এতিয়া শিল্পীসকলৰ ।
ইতিমধ্যেই মৃন্ময় শিল্পীসকলৰ একমাত্ৰ সংগঠন ব্ৰহ্মপুত্ৰ ভেলী ৰুদ্ৰপল সমিতিয়ে তেওঁলোকৰ দুখ-দুৰ্দশাৰ বিষয়ে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক পত্ৰযোগে জনাই যদিও আজিলৈ কোনো ব্যৱস্থা লোৱা নাই। মৃৎ শিল্পীসকলক আৰ্থিকভাৱে সহায় কৰাৰ অনুৰোধ কৰিছিল এই পত্ৰযোগে। ইফালে এই মূৰ্তি বনোৱা কাৰ্যত জড়িত সকলো কৰ্মচাৰীৰে একেই অৱস্থা। পৰিয়াল পোহপাল দিয়াত এতিয়া যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে শিল্পীসকল আৰু এই কাৰ্যত জড়িত সকলো লোক। চৰকাৰক তেওঁলোকৰ ফালে এবাৰ চকু দিবলৈ আহ্বান জনাইছে শিল্পীসকলে।
লগতে চাওকঃ বৰষুণৰ ঢলত কলিয়াবৰৰ হাতীমূৰাত ব্ৰহ্মপুত্ৰৰ শৈল স্পাৰ ক্ষতিগ্ৰস্ত