অসম

assam

ETV Bharat / state

অস্বাভাৱিক হাৰত বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ মূল্য ! - চৰকাৰে কৰ বৃদ্ধি কৰিছে পেট্ৰ'ল আৰু ডিজেলৰ

কৰ'ণাই দেশৰ অৰ্থনীতিলৈ কঢ়িয়াই আনিছে ব্যাপক সংকট। ৰাজভঁৰাল টনকিয়াল কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিছে ইটোৰ পিছত সিটো সামগ্ৰীৰ মূল্য। এইবাৰ চৰকাৰে কৰ বৃদ্ধি কৰিছে পেট্ৰ'ল আৰু ডিজেলৰ ৷

Centre raises excise duty on petrol by ₹10 per litre and on diesel by ₹13
বৃদ্ধি হ'ল পেট্ৰ'ল-ডিজেলৰ আৱকাৰী শুল্ক

By

Published : May 6, 2020, 3:20 PM IST

Updated : May 6, 2020, 3:32 PM IST

গুৱাহাটী,6 মে' ঃ কৰ'ণাই দেশৰ অৰ্থনীতিলৈ নমাই আনিছে ব্যাপক সংকট। ৰাজভঁৰাল টনকিয়াল কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিছে ইটোৰ পিছত সিটো সামগ্ৰীৰ মূল্য। বুধবাৰৰ পৰা পুনৰ চৰকাৰে কৰ বৃদ্ধি কৰিছে পেট্ৰ'ল আৰু ডিজেলৰ। পেট্ৰ'লত ১০ টকা আৰু ডিজেলত ১৩ টকাকৈ বৃদ্ধি পাইছে আবকাৰী শুল্ক ।

বৃদ্ধি হ'ল পেট্ৰ'ল-ডিজেলৰ আৱকাৰী শুল্ক

শৰাইঘাট চাৰ্ভিছ চেন্টাৰৰ মেনেজাৰ অমিয় কলিতাই জনোৱা মতে, এই মূল্য বৃদ্ধিয়ে জনসাধাৰণৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় । আৱকাৰী শুল্ক বৃদ্ধি পাইছে যদিও পূৰ্বৰ মূল্যতে গ্ৰাহকে ক্ৰয় কৰি আছে পেট্ৰ'ল-ডিজেল। বৰ্তমান গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৭৭.৪৪ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭০.৪৮ টকা ৷

Last Updated : May 6, 2020, 3:32 PM IST

ABOUT THE AUTHOR

...view details