অসম

assam

ETV Bharat / state

দেশৰ সুৰক্ষা বাহিনীৰ শীৰ্ষ পদবীত আন এগৰাকী অসম সন্তান - Centre elevates top IPS officer SL Thaosen as SSB chief

এছ এছ বিৰ মুৰব্বী হিচাপে নিযুক্ত এছ এল থাউচেন । তাহানিৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলা বৰ্তমানৰ ডিমা হাচাও জিলাৰ পৰা ১৯৮৮ চনত মধ্য প্ৰদেশৰ আই পি এছ কেডাৰ হিচাপে নিযুক্তি লাভ কৰিছিল (Another Assamese in the top rank of the country's security forces) । তেতিয়াৰ পৰাই বিভিন্ন পদত সুখ্যাতিৰে দায়িত্ব পালন কৰি তেওঁ বৰ্তমান সীমান্ত সুৰক্ষাৰ বাহিনীৰ বিশেষ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ।

Another Assamese in the top rank of the countrys security forces
দেশৰ সুৰক্ষা বাহিনীৰ শীৰ্ষ পদপীত আন এগৰাকী অসম সন্তান

By

Published : Jun 2, 2022, 1:34 PM IST

গুৱাহাটী, ২ জুন :কেন্দ্ৰীয় চৰকাৰে দেশৰ সুৰক্ষা বাহিনীৰ শীৰ্ষ স্থানত আন এগৰাকী অসমীয়া সন্তানক নিয়োজিত কৰিছে । ভাৰতীয় প্ৰশাসনিক সেৱাৰ এইগৰাকী আই পি এছ বিষয়া হ’ল এছ এল থাউছেন (SL Thaosen appointed as SSB chief)।

দেশৰ সুৰক্ষা বাহিনীৰ শীৰ্ষ পদপীত আন এগৰাকী অসম সন্তান

তদানীন্তন উত্তৰ কাছাৰ পাৰ্বত্য জিলা তথা বৰ্তমানৰ ডিমা হাচাও জিলাৰ পৰা ১৯৮৮ চনত মধ্য প্ৰদেশৰ আই পি এছ কেডাৰ হিচাপে নিযুক্তি লাভ কৰিছিল এছ এল থাউছেনে । তেতিয়াৰ পৰাই বিভিন্ন পদত সুখ্যাতিৰে দায়িত্ব পালন কৰি আহিছে থাউছেনে । বৰ্তমান সীমান্ত সুৰক্ষাৰ বাহিনীৰ (বি এছ এফৰ) বিশেষ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে তেওঁ ।

সীমান্ত সুৰক্ষাৰ বাহিনীৰ দিল্লীৰ মুখ্য কাৰ্যালয়ত নিয়োজিত এইগৰাকী অসম সন্তানক কেন্দ্ৰীয় চৰকাৰে সশস্ত্ৰ সীমা বল (এছ এছ বি)ৰ নতুন সঞ্চালক প্ৰধান হিচাপে পদোন্নতি দিছে । এছ এছ বিৰ মুৰব্বী হিচাবে নিযুক্তি লাভ কৰা আই পি এছ (এম পি 88) বিষয়া এছ এল থাউছেনক গৃহ মন্ত্ৰালয়ৰ প্ৰস্তাৱক মন্ত্ৰীসভাৰ নিযুক্তি সমিতিয়ে অনুমোদন জনাই ৩০-১১-২০২৩ লৈকে কাৰ্যনিৰ্বাহ কৰাৰ বাবে ।

এছ এছ বিৰ মুৰব্বী হিচাপে নিযুক্ত এছ এল থাউচেন

উল্লেখ্য যে, যোৱা ৩১ ডিচেম্বত বৰ্তমানৰ ডি জি কুমাৰ ৰাজেশ চন্দ্ৰই অৱসৰ লোৱাৰ পিছত এছ এছ বিৰ মুৰব্বী গৰাকীৰ পদ খালী হৈ আছিল । ভাৰত তিব্বত সীমান্ত আৰক্ষীৰ ডি জি সঞ্জয় আৰোৰাৰ হাতত তেতিয়াৰ পৰাই এছ এছ বিৰ অতিৰিক্ত দায়িত্ব আছিল । নেপালৰ সৈতে ১৭৫১ কিলোমিটাৰ আৰু ভূটানৰ ৬৯৯ কিলোমিটাৰৰ সৈতে ভাৰতৰ সীমান্ত চোৱা-চিতাৰ দায়িত্ব সশস্ত্ৰ সীমা বাহিনীক দিয়া হৈছে । এছ এল থাউছেনে পাহাৰীয়া পিছপৰা জিলাৰ পৰা দেশৰ এটি সুৰক্ষা বাহিনীৰ শীৰ্ষ স্থানত নিযুক্তি লাভ কৰাত ডিমা হাচাওৰ লগতে বৰাক উপত্যকাত ৰাইজ বিশেষভাৱে উৎফুল্লিত হৈ পৰিছে ।

লগতে পঢ়ক :Shooting incident increased in America: নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ পৰা পৰামৰ্শ বিচাৰিলে ৰাষ্ট্ৰপতি বিডেনে

ABOUT THE AUTHOR

...view details