নিউজ ডেস্ক, 19 জুন : কাছাৰ আৰু নগাঁও কাগজ কল পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি কেন্দ্ৰ চৰকাৰৰ৷ অসমৰ পৰা যোৱা প্ৰতিনিধিৰ দলক বুধবাৰে এই আশ্বাস প্ৰদান কৰে ৰাজহুৱা খণ্ড আৰু গুৰু উদ্যোগ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী অৰবিন্দ সাৱন্তে৷
পুনৰুজ্জীৱিত হ'ব কাছাৰ আৰু নগাঁও কাগজ কল কাছাৰ আৰু নগাঁও কাগজ কল পুনৰুজ্জীৱিত কৰাৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী অৰবিন্দ সাৱন্তৰ সৈতে আলোচনাত মিলিত হৈছিল কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ৰামেশ্বৰ তেলী,মন্ত্ৰী পিযুষ হাজৰিকাৰ সৈতে যোৱা আঠজনীয়া এটা সঁজাতি দলে৷
ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ উমৈহতীয়া (PPP ) ব্যৱস্থাৰ আৰ্হিত কাছাৰ আৰু নগাঁও কাগজ কলক গঢ় দিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰিছিল অসমৰ প্ৰতিনিধিৰ দলটোৱে৷
উল্লেখ্য যে, হিন্দুস্তান পেপাৰ কৰ্পোৰেচনৰ অধীনত 1978 চনত স্থাপন হৈছিল কাছাৰ আৰু নগাঁও কাগজ কল৷ কিন্তু উপযুক্ত মূলধন অবিহনে 2017 বৰ্ষত বন্ধ হৈ পৰিছিল নগাঁও কাগজ কল৷ একেদৰে 2015 বৰ্ষতেই বন্ধ হৈ পৰিছিল কাছাৰ কাগজ কলো৷