অসম

assam

ETV Bharat / state

গুৱাহাটী প্ৰেছ ক্লাৱত পদ্মশ্ৰী নলিনীবালা দেৱীৰ মৃত্যু তিথি পালন - Death day of Padma Shri Nalinibala Devi

পদ্মশ্ৰী নলিনীবালা দেৱীৰ মৃত্যু তিথি উপলক্ষে গাড়ীগাঁও সাহিত্য সভাই গুৱাহাটী প্ৰেছ ক্লাৱত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰে ৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি কেইবাখনো গ্ৰন্থ উন্মোচন কৰাৰ লগতে কবিতা পাঠৰ এক অনুষ্ঠান আয়োজন কৰে গাড়ীগাঁও সাহিত্য সভাই ৷

Celebrated Death day of Padma Shri Nalinibala Devi at Guwahati Press Club
গুৱাহাটী প্ৰেছ ক্লাবত পদ্মশ্ৰী নলিনীবালা দেৱীৰ মৃত্যু তিথি পালন

By

Published : Dec 25, 2020, 10:03 AM IST

গুৱাহাটী,25 ডিচেম্বৰ : বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত বৃহত্তৰ গাড়ীগাঁও সাহিত্য সভাৰ উদ্যোগত সম্বৰ্ধনা, গ্ৰন্থ উন্মোচনী আৰু কবিতা পাঠৰ এক অনুষ্ঠান অনুষ্ঠিত কৰা হয় । সাহিত্য আৰু সাম্প্ৰতিক সময়ৰ কেতবোৰ বিষয় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় এই অনুষ্ঠানত । পদ্মশ্ৰী নলিনীবালা দেৱীৰ মৃত্যু দিৱস উপলক্ষে আয়োজিত এই অনুষ্ঠানত লেখিকা লাইলা বেগমৰ দ্বাৰা ৰচিত 'সপোনৰ ঘোঁৰা' আৰু 'ফেঁহুজালি' নামৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় । গ্ৰন্থ দুখন উন্মোচন কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱী গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ প্ৰশান্ত শৰ্মা আৰু কামৰূপ মহানগৰ সাহিত্য সভাৰ সভাপতি দাসো কলিতাই ।

ইয়াৰোপৰি গাড়ীগাঁও সাহিত্য সভাৰ 'কয়লাঘাট' নামৰ স্মৃতি গ্ৰন্থখনো উন্মোচন কৰে এই অনুষ্ঠানতে । ইফালে এই অনুষ্ঠানতে অসম সাহিত্য সভাৰ আজীৱন সভ্যৰ সদস্য পদ গ্ৰহণ কৰা সকলক প্ৰমাণ পত্ৰসমূহ প্ৰদান কৰাৰ লগতে বৃহত্তৰ গাড়ীগাঁও অঞ্চলৰ কেইগৰাকীও ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় । ইয়াৰ লগতে অনুষ্ঠানটিত প্ৰায় দহগৰাকী ন-পুৰণি কবিয়ে কবিতা পাঠ কৰে ।

গুৱাহাটী প্ৰেছ ক্লাবত পদ্মশ্ৰী নলিনীবালা দেৱীৰ মৃত্যু তিথি পালন

এই অনুষ্ঠানত উপস্থিত থাকে দৈনিক বাতৰি কাকতৰ মুখ্য সম্পাদক ভূৱনেশ্বৰ শৰ্মা, বৃহত্তৰ গাড়ীগাঁও সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নুৰ আহমেদ, কয়লাঘাট স্মৃতি গ্ৰন্থৰ সভাপতি মাণিক চন্দ্ৰ পাঠক, সম্পাদক খৈয়াম উদ্দিন আহমেদ, সমাজকৰ্মী আব্দুল গফাৰ, বৃহত্তৰ গাড়ীগাঁও সাহিত্য সভাৰ সম্পাদিকা নীলিমা ৰাজবংশীকে প্ৰমুখ্য কৰি বহু কেইগৰাকী গণ্য মান্য ব্যক্তি ।

লগতে পঢ়ক:আজি পবিত্ৰ বৰদিন

ABOUT THE AUTHOR

...view details