অসম

assam

অংকিতা দত্তক চি‌বিআয়ে তলব কৰাক লৈ অৱতাৰণা হৈছে বহু প্ৰশ্নৰ

আকৌ উক দি‌ উঠিছে বহু চৰ্চিত সাৰদা চীট ফাণ্ড কেলেংকাৰীৰ অনুসন্ধান পৰ্ব (Saradha chit fund scam) । কেন্দ্ৰীয় অনুসন্ধান সংস্থা চি আই য়ে এইবাৰ তলব কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি প্ৰয়াত অঞ্জন দত্তৰ কন্যা তথা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তক (CBI summond Ankita Dutta)।

By

Published : Aug 30, 2022, 5:13 PM IST

Published : Aug 30, 2022, 5:13 PM IST

Saradha chit fund scam
অংকিতা দত্তক চি‌বিআয়ে তলব কৰাক লৈ অৱতাৰণা হৈছে বহু প্ৰশ্নৰ

গুৱাহাটী, ৩০ আগষ্ট: আজিৰে পৰা প্ৰায় দহ বছৰৰ আগতেই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা 'সাৰদা চীট ফাণ্ড' কেলেংকাৰীৰ(Saradha chit fund scam) অনুসন্ধানক‌ লৈ‌ যেন আকৌ‌ এবাৰ তৎপৰ হৈ পৰিছে চি‌বি আই । মঙলবাৰে চি বি আইয়ে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তক সংস্থাটোৰ কলকতা কাৰ্যালয়লৈ তলব কৰা কাৰ্যই এই কথাকে প্ৰতিপন্ন কৰিছে ।

‌‌‌উল্লেখ্য যে চি বি আই য়ে অংকিতা দত্তক অহা ৩ ছেপ্টেম্বৰত সংস্থাটোৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ দিছে (CBI summond Ankita Dutta)৷ মনকৰিবলগীয়া যে যোৱাটো দশকত অসমকে মুখ্য কৰি উত্তৰ-পূবৰ‌ কেইবাখনো ৰাজ্যত ক্ষুদ্ৰ ঋণ দিয়াৰ নামত সুদীপ্ত সেন(Saradha Group chief Sudipta Sen) নামৰ পশ্চিম বংগৰ এজন বিতৰ্কিত ব্যৱসায়ীয়ে ব্যাপক হাৰত চলোৱা লুন্ঠনক আওপকীয়াকৈ সুৰক্ষা দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল কেইবাটাও সংবাদ গোষ্ঠী আৰু ৰাজনীতিৰ বিৰূদ্ধে ।‌‌

অতি লক্ষনীয়ভাৱে তেতিয়া এনে অভিযোগ উত্থাপিত হৈছিল প্ৰদেশ কংগ্ৰেছৰ তদানীন্তন সভাপতি অঞ্জন দত্তৰ বিৰুদ্ধেও(Former congress leader Anjan Dutta)৷ সেই সময়ত প্ৰকাশ হৈ আছিল অঞ্জন দত্তৰ মালিকানাধীন "আজিৰ দৈনিক বাতৰি" কাকতখন । অভিযোগ অনুসৰি আন কেতবোৰ বাতৰি কাকত গোষ্ঠীৰ দৰে আজিৰ দৈনিক বাতৰি নামৰ বাতৰি কাকত পৰিচালনাৰ নামত অঞ্জন দত্তই সুদীপ্ত সেনৰ পৰা ধন লৈছিল ।

উল্লেখ্য যে এই কেলেংকাৰীৰ অনুসন্ধান পৰ্বত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামো সাঙোৰ খাইছিল আৰু তেৱোঁ কলকতাত থকা চি বি আইৰ কাৰ্যালয়ত জেৰাৰ সন্মুখীন হ'বলগা হৈছিল(Himanta Biswa Sarma on Saradha Scam)৷ কিন্তু পিছৰ ফালে অতি ৰহস্যজনকভাৱে এই অনুসন্ধান স্তিমিত হৈ পৰে । এই ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যৰ এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানৰ নামো সাঙোৰ খাইছিল আৰু আত্মহত্যাৰ দৰে অতি দুৰ্ভাগ্যজনক পৰিনতিৰ সন্মুখীন হ’বলগীয়া হৈছিল তেওঁ ।

তদুপৰি, এই কেলেংকাৰীত জড়িত থকাৰ অভিযোগতে অসমৰ এজন জনপ্ৰিয় গায়ক সদানন্দ গগৈ দীৰ্ঘদিনৰ বাবে কাৰাগাৰত থাকিবলগা হৈছিল(Singer Sadananda Gogoi on Saradha Scam)৷ সাৰদা কেলেংকাৰীক লৈ ৰাজনৈতিক পৰিস্থিতি গৰম হৈ থকাৰ সময়তে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ এৰি ভাৰতীয় জনতা পাৰ্টীত যোগ দিয়া, ২০১৬ চনত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ দৰে ঘটনাই বাস্তৱ ৰূপ পাইছিল । আনহাতে 2016ৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পূৰ্বেই প্ৰদেশ কংগ্ৰেছৰ তদানীন্তন সভাপতি অঞ্জন দত্তই মৃত্যুক সাৱটি লয় ।

অঞ্জন দত্তৰ মৃত্যুৰ পাছৰে পৰা সাৰদা কেলেংকাৰীক লৈ অঞ্জন দত্তৰ বা তেওঁৰ পৰিয়ালৰ কোনো লোকৰ নাম চৰ্চিত হোৱা নাছিল । কিন্তু অতি শেহতীয়াকৈ অঞ্জন দত্তৰ দুহিতা অংকিতা দত্তই কিছু ৰাজনৈতিক আধিপত্য সৃষ্টিৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটীৰ সভানেত্ৰীৰ দায়িত্ব পোৱাৰ লগে‌ লগে কিছু তৎপৰতাৰে প্ৰতিবাদী কাৰ্যসূচীত সক্ৰিয়ভাৱে জড়িত হৈ পৰা পৰিলক্ষিত হয় ।

শেহতীয়াকৈ তেওঁ মুখ্যমন্ত্ৰীৰ অন্যতম ঘনিষ্ঠ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সৰব হৈ নলবাৰীতো প্ৰতিবাদ তীব্ৰ কৰি তুলিছিল । ৰাজনৈতিক মহলত হোৱা চৰ্চা অনুসৰি অংকিতাৰ ক্ৰমবৰ্ধমান সক্ৰিয়তা আৰু জনপ্ৰিয়তাক লৈ সচেতন ৰাজনৈতিক শক্তিয়ে তেওঁক বিপদত পেলোৱাৰ বাবে তৎপৰ হৈ আহিছিল আৰু তাৰে এক অংশ হিচাবে চি বি আইৰ এই তলব ।

গতিকে, অহা ৩ ছেপ্টেম্বৰত অংকিতা দত্তই কলকতাৰ চি বি আইৰ কাৰ্যালয়ত(CBI Kolkata office) জেৰাৰ সন্মুখীন হোৱাৰ পিছত আন অভিযুক্তসকলৰ বিপৰীতেও অনুসন্ধান চলিবনে নাই সেয়া লক্ষনীয় হ'ব । আনহাতে, অসমত সাৰদা কেলেংকাৰী সংঘটিত হোৱাৰ সময়ত আৰু অঞ্জন দত্তৰ নামো সাঙোৰ খোৱাৰ সময়ত অংকিতা এগৰাকী ছাত্ৰীহে আছিল । ৰাজনীতি অথবা দেউতাকৰ ব্যাৱসায়ৰ লগত কোনো সম্পৰ্ক নাছিল । গতিকে, এই কেলেংকাৰীৰ লগত তেওঁক কিদৰে সম্পৰ্কিত কৰা যাব সেয়াও নিসন্দেহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক:বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত তৃতীয় স্থানত গৌতম আদানি

ABOUT THE AUTHOR

...view details