অসম

assam

ETV Bharat / state

MLA Bharat Narah Press Meet: বিজেপিৰ ওপৰ মহলৰ সন্ধান লাগে কংগ্ৰেছক !

‘‘সৰিয়হৰ ডুলিতে ভূত ওলাল ৷ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ পৰাই নিয়ন্ত্ৰিত হৈছে চাকৰিৰ বজাৰ ৷ চাকৰিৰ নামত ধন সংগ্ৰহত জড়িত আছে বিজেপিৰ মন্ত্ৰী-বিধায়ক ৷’’ ৰাজীৱ ভৱনত সংবাদমেল আয়োজন কৰি বিজেপিক সমালোচনা বিধায়ক ভৰত নৰহৰ ৷

MLA Bharat Narah Press Meet
বিজেপিৰ ওপৰ মহলৰ সন্ধান লাগে কংগ্ৰেছক

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 5:41 PM IST

বিজেপিৰ ওপৰ মহলৰ সন্ধান লাগে কংগ্ৰেছক

গুৱাহাটী, 30 আগষ্ট :শেহতীয়াকৈ বিজেপি নেত্ৰী ইন্দ্ৰাণী তবহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ পাচতে পোহৰলৈ আহিছে চাকৰিৰ নামত একাংশ বিজেপি নেতাই ধন সংগ্ৰহৰ তথ্য ৷ বাজপেয়ী ভৱনৰ পৰা নিয়ন্ত্ৰিত হৈছে নিযুক্তিৰ কেলেংকাৰী এই অভিযোগ তুলি সৰৱ হ’ল কংগ্ৰেছ বিধায়ক ভৰত নৰহ ৷ বুধবাৰে গুৱাহাটীত ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি সৰৱ হ’ল বিধায়ক নৰহ ৷

বিধায়ক ভৰতে কয়, ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বচ্ছ আৰু নিকা পদ্ধতিৰ মাজেৰে নিযুক্তি দিয়াৰ যি প্ৰচাৰ কৰিছে সেই প্ৰচাৰ তেওঁলোকৰ দলৰে একাংশ জ্যেষ্ঠ নেতা-কর্মীযে ভুৱা বুলি প্ৰতিপন্ন কৰিছে । ইতিমধ্যে চাকৰিৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত অভিযুক্ত হৈ একাংশ বিজেপি নেতা গ্ৰেপ্তাৰ হৈছে ৷ অতি দুখজনক বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰে আত্মহননৰ দৰে পথ বাচি ল'ব লগীয়া হৈছে ৷ অভিমন্যু দাসৰ দৰে নেতাৰ বিৰুদ্ধে মাৰণাস্ত্ৰ প্ৰদৰ্শনৰ অভিযোগ উত্থাপন হৈছে আৰু এইজন নেতাক গ্ৰেপ্তাৰ কৰাত অসম আৰক্ষী ব্যৰ্থ হৈছে ৷ চাকৰিৰ দুৰ্নীতিৰ লগত আৰ এছ এছৰ নেতা আৰু বিজেপিৰ বাজপেয়ী ভৱনৰ সম্পাদক শান্তনু পূজাৰীৰ নাম সাঙোৰ খাইছে ৷ ’’

তেওঁ লগতে কয় যে, গ্ৰেপ্তাৰ হোৱা অভিযুক্ত দ্বীবন ডেকা, অনুৰাগ চলিহা, তৃষ্ণা শৰ্মা আদিয়ে বিজেপিৰ ওপৰ মহলৰ নিৰ্দেশত চাকৰি প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰাৰ কথা প্ৰকাশ পাইছে ৷ কিন্তু ওপৰ মহলনো কোন ! সেই কথা এতিয়ালৈকে অসমৰ ৰাইজে জানিব পৰা নাই ৷ ওপৰ মহল মানে স্বাভাৱিকতে বিজেপিৰ কোনো মন্ত্ৰী-বিধায়ক বা নেতা জড়িত হৈ থকাৰ সন্দেহ কৰা হৈছে ৷ এই সন্দেহ দূৰ কৰাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰীৰ আছিল ৷ বৰ্তমানেও ধনৰ বিনিময়ত বিজেপিৰ এক দুষ্ট চক্ৰই চাকৰিৰ বজাৰ অব্যাহত ৰাখিছে ৷ বাজপেয়ী ভৱনৰ পৰা চলা চাকৰিৰ নামত দুৰ্নীতি এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তে ন্যায়িক তদন্ত কৰিব লাগে ৷

‘‘এই ঘটনাৰ লগত ইতিমধ্যে শান্তনু পূজাৰী, অসীম চক্ৰৱৰ্তী, ৰেখান্ত দাস, তৃষ্ণা শ‍ইকীয়া আদিৰ নাম জড়িত হৈ পৰিছে ৷ নিযুক্তি কেলেংকাৰীত জড়িত বিজেপিৰ শীর্ষ নেতৃত্বক তদন্তৰ আওঁতালৈ নানিলে অসমৰ লাখ লাখ নিবনুৱাৰ ভৱিষ্যতক লৈ হেতালি খেলা হ'ব ৷ সমগ্ৰ ঘটনা প্ৰক্ৰিয়াৰ লগত কোন জড়িত আছে সেই কথা অসমৰ ৰাইজে জনাৰ অধিকাৰ আছে ৷ নিযুক্তিৰ নামত চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰি ইণ্টাৰনেট কৰ্তন কৰা, চিচিটিভি লগোৱা, পৰীক্ষাৰ্থীসকলক এখন জিলাৰ পৰা আন এখন জিলালৈ পঠিওৱা বিভিন্ন ঘটনাত অসমৰ ৰাইজে ইতিমধ্যে হাবু-ডাবু খাইছে ৷ সকলোৱে আশা কৰিছিল ভাল কিবা এটা হ'ব বুলি ৷ কিন্তু শেষত সৰিয়হৰ ডুলিতে ভূত ওলাল ৷ এই ভূত কোন সেই কথা মুখ্যমন্ত্ৰীয়ে ভালকৈ জানে ৷ ’’ এই দৰে সংবাদমেলত বিজেপিক সমালোচনা কৰে কংগ্ৰেছৰ বিধায়ক ভৰত নৰহে ৷

লগতে পঢ়ক:Pallab Lochan Das: বিজেপিৰ মুখ্য কাৰ্যালয়ত চাহ জনগোষ্ঠী মৰ্চাৰ বৰ্ধিত বিষয়ববীয়া বৈঠক

ABOUT THE AUTHOR

...view details