গুৱাহাটী, ১২ ডিচেম্বৰ:শনিবাৰে বিটিচি পৰিষদীয় নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাচতেই কাইলৈ অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হ'ব ৰাজ্য চৰকাৰৰ এখন গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক । স্বাভাৱিকতে এই কেবিনেট বৈঠকে তাৎপৰ্য বহন কৰিছে । মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এক সুত্ৰই ইটিভি ভাৰতৰ সাংবাদিকক জানিবলৈ দিয়া মচে, দেওবাৰে বিয়লি 3 বজাত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত তেওঁৰ চৰকাৰী বাসগৃহতে অনুষ্ঠিত হ'ব কেবিনেট বৈঠকখন ।
দেওবাৰে অনুষ্ঠিত হ'ব সোণোৱাল চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক - কেবিনেট বৈঠক
বিটিচি পৰিষদীয় নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাচতেই দেওবাৰে ৰাজ্য চৰকাৰৰ এখন গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব ৷ দেওবাৰে বিয়লি 3 বজাত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত তেওঁৰ চৰকাৰী বাসগৃহতে অনুষ্ঠিত হ'ব কেবিনেট বৈঠকখন ।
সোণোৱাল চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক
দিছপুৰৰ আন এক সুত্ৰই প্ৰকাশ কৰা মতে, দেওবাৰৰ কেবিনেটত বিভিন্ন বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তত অনুমোদন জনোৱা হ'ব । আনহাতে, "কা" বিৰোধী আন্দোলনে যিহেতু ইতিমধ্যে পুনৰ গা কৰি উঠিছে গতিকে এই আন্দোলন প্ৰশমনৰ বাবেও কেতবোৰ ব্যৱস্থাত কেবিনেটে অনুমোদন জনোৱাৰ সম্ভাৱনা আছে । সমান্তৰালভাৱে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিও আন কেইবাটাও সিদ্ধান্ত গৃহীত হ'ব পাৰে দেওবাৰৰ কেবিনেটত ।
লগতে পঢ়ক:কোন হ'ব বি টি চিৰ মুৰব্বী ?