গুৱাহাটী,৩০ মে' : লোকসভা নিৰ্বাচনত কেইবাগৰাকীও বিধায়ক সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত এতিয়া খালী হৈ পৰিছে বহুকেইটা বিধান সভা সমষ্টি । তপন গগৈ , পল্লৱ লোচন দাস, কৃপানাথ মাল্লা আৰু আব্দুল খালেকে লোকসভা নিৰ্বাচনত জয় হোৱাৰ পিছত এতিয়া খালী হৈ ৰৈছে ৰঙাপৰা , সোণাৰি , ৰাতাবাড়ি আৰু জনীয়া বিধানসভা সমষ্টি কেইটা । সাংবিধানিক বিধিমতে ছয় মাহৰ ভিতৰত পাতিব লাগিব উপ-নিৰ্বাচন । সেয়েহে এই খালী হোৱা আসন কেইখনক লৈ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত এতিয়া তুংগত উঠিছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক ৰাজনীতি ।
ৰাজ্যত এতিয়া উপ-নিৰ্বাচনৰ অংকঃ হেঙেৰাবাৰীত কুচকাৱাজ - বিজেপি দল
কোন সমষ্টিত কোন পাৰ্টিৰ পৰা কোনে প্ৰাৰ্থীত্ব পাব তাকলৈ গুণা-গথা চলিছে ৰাজ্যিক বিজেপি কাৰ্যালয়ত ৷ পিচে সময়েহে ক’ব কোন প্ৰাৰ্থিত্ব প্ৰয়াসীয়ে টিকট পাব উপ-নিৰ্বাচনত ৷
ৰঙাপৰাৰ আসনখনৰ বাবে সৰ্বাধিক চৰ্চিত হৈছে প্ৰাক্তন বিধায়ক ৰাজেন বৰঠাকুৰৰ নাম, অনুৰূপভাৱে সোণাৰি সমষ্টিত দাবীদাৰ বহু কেইগৰাকী আছে যদিও প্ৰাক্তন আটাছু নেতা তথা ন বিজেপি অশ্বিনী চেতিয়াই দলীয় প্ৰাৰ্থিত্ব পোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে । তেনেদৰেই ৰাতাবাড়ি সমষ্টিৰ পৰা কৰিমগঞ্জৰ প্ৰাক্তন বিধায়ক মিছন ৰঞ্জন দাসক প্ৰাৰ্থিত্ব প্ৰদানৰ আশা কৰা হৈছে কাৰণ ৰাজ্যসভাৰ আসনখনৰ বাবে অন্যতম দাবীদাৰ আছিল মিছন ৰঞ্জন দাস কিন্তু শেষত কামাখ্যা প্ৰসাদ তাছাক দিয়া হ’ল আসনখন । কিন্তু জনীয়া সমষ্টিৰ পৰা কাক প্ৰাৰ্থিত্ব দিব সেয়া এতিয়াও নিশ্চিত কৰিব পৰা নাই বিজেপি দলে ।