গুৱাহাটী, ২০ জুলাই : আপোনাৰ হেঁপাহৰ গাড়ীখন কিনিবলৈ যাওঁতে আপুনি হয়তো এতিয়াৰে পৰা দহবাৰ মিলাব লাগিব আপোনাৰ বাজেট ৷ এইবাৰ ৰাজপথৰ কৰে কন্দুৱাব আপোনাক ৷ কাৰণ- অসমবাসীৰ ওপৰত আকৌ কৰৰ বোজা চৰকাৰৰ ৷ এইবাৰ ৰাজপথৰ কৰে কন্দুৱাব আপোনাক ৷ এইবাৰ উচ্চ হাৰত পৰিবহন কৰ বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে ৷
জৰুৰী অধ্যাদেশযোগে চৰকাৰে বৃদ্ধি কৰিলে ৰাজ্যৰ যান-বাহনৰ পঞ্জীয়ন মাচুল ৷ এফালে হিতাধিকাৰী আচঁনিৰ প্ৰকোপত বিত্তীয় বোজাত ভাৰাক্ৰান্ত ৰাজ্য চৰকাৰ ৷ আনফালে বিত্তীয় নাটনি জোৰা মাৰিবলৈ হাজাৰ হাজাৰ কোটি টকা ঋণ লোৱা কাৰ্য অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে ৷ আজিৰ তাৰিখত ১ লাখ ৪০ হাজাৰ কোটিৰো অধিক ঋণৰ বোজা ৰাজ্য চৰকাৰ বহন কৰিছে ৷
একমাত্ৰ বিত্তীয় সংকট মোচনৰ বাবে কেৱল কৰ সংগ্ৰহৰ লক্ষ্যৰে, ৰাজ্যজুৰি এটা প্ৰজন্ম শেষ কৰি দিব পৰা সুৰা সুলভ কৰাৰ নীতি হাতত লৈছে ৰাজ্য চৰকাৰে ৷ এই বিত্তীয় নাটনিৰ জোৰা মাৰিবলৈকে এইবাৰ ৰাজ্য চৰকাৰে নতুনকৈ পৰিবহন কৰৰ বোজা জাপি দিব খুজিছে ৷ ইতিমধ্যেই ৰাজপথৰ যান-বাহনৰ টোল কৰ আৰু জৰিমনাৰে ৰাজ্যবাসীক নাকনি-কাণনি কৰিছে ৰাজ্য চৰকাৰে ৷
একপ্ৰকাৰ ৰাজপথত পৰিবহন বিভাগৰ জৰিমনা-কৰ সন্ত্ৰাসৰ কাৰণ হৈ পৰাৰ কঠোৰ সমালোচনা আৰু প্ৰতিবাদৰো সন্মুখীন হৈ আহিছে ৰাজ্য চৰকাৰ ৷ এতিয়া ভূতৰ ওপৰত দানহ পৰাৰ দৰে এইবাৰ পুনৰ পৰিবহণ কৰ বৃদ্ধি কৰা হৈছে । ৰাজকোষ টনকিয়াল কৰাৰ উদ্দেশ্যৰে জৰুৰী অধ্যাদেশ জাৰি কৰি বিভিন্ন বাহনৰ পঞ্জীয়ন মাচুল বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে ৷
সাধৰণতে এনে প্ৰক্ৰিয়াত অধ্যাদেশ সংশোধনীৰ বাবে বিধানসভাত উত্থাপন কৰা হয় ৷ গ্ৰীষ্মকালীন অধিৱেশনৰ সময় সমাগত ৷ তেতিয়াও এই কৰ বৃদ্ধি কৰিবলৈ অধ্যাদেশ সংশোধনীৰ সুবিধা আছিল চৰকাৰৰ হাতত ৷ বিধানসভাৰ অধিৱেশনলৈও নৰৈ ৰাজ্য চৰকাৰে জাৰি কৰিলে অসম মটৰ বাহন কৰ (সংশোধিত) অধ্যাদেশ, ২০২৩ ।
সেই অনুসৰি এতিয়াৰ পৰা নতুন গাড়ী ক্ৰয় কৰিলে গ্ৰাহকে উচ্চ হাৰত পঞ্জীয়ন মাচুল আদায় দিব সাজু হওক । ব্যাপক সাল-সলনি ঘটোৱা হৈছে পৰিবহন কৰৰ গাঁথনিৰ । জাৰি কৰা সংশোধিত অধ্যাদেশ অনুসৰি এতিয়াৰে পৰা গাড়ীৰ মূল্য অনুসৰি চাৰিটা পৰ্যায়ত কৰ আদায় দিব লাগিব গ্ৰাহকে ।
কি হাৰত বাঢ়িব নতুন পৰিবহন কৰ ?
- ৩ লাখ টকা পর্যন্ত মূল্যৰ নতুন চাৰিচকীয়া বাহন পঞ্জীয়ন কৰোতে ৪.৫ শতাংশ কৰ ভৰিব লাগিব ৷
- ৩ ৰ পৰা ১০ লাখ টকা পর্যন্ত চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত ৭ % কৰ ভৰিব লাগিব ৷
- ১০ৰ পৰা ২০ লাখ টকা পৰ্যন্ত মূল্যৰ বাহনৰ ক্ষেত্ৰত ১০ % কৰ আদায় দিব লাগিব ৷
- ১৪ শতাংশ কৰ ভৰিব লাগিব ২০ লাখ টকাতকৈ অধিক মূল্যৰ বাহনত ।