অসম

assam

ETV Bharat / state

BRM Law college Megazine: বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়ৰ আলোচনী উন্মোচন - আলোচনী উন্মোচন

মঙলবাৰে বিশিষ্ট লেখক-সমালোচক ড৹ গোবিন্দ প্ৰসাদ শৰ্মাই বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী "বি আৰ এম জিএলচিয়ান"ৰ উন্মোচন কৰে (BRMLcian Magazine released) ৷

BRM Law college book BRMLcian Magazine released
বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়ৰ আলোচনী উন্মোচন

By

Published : May 2, 2023, 10:56 PM IST

বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়ৰ আলোচনী উন্মোচন

গুৱাহাটী, ২ মে': ৰাজ্যৰ এখন পুৰণি তথা ঐতিহ্যমণ্ডিত আইন শিক্ষাৰ প্ৰতিষ্ঠান বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী "বি আৰ এম জিএলচিয়ান" মঙলবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত উন্মোচন কৰা হয় (BRMLcian Magazine released)৷ ২০২১-২২ বৰ্ষৰ এই বাৰ্ষিক আলোচনীখন উন্মোচন কৰে বিশিষ্ট লেখক-সমালোচক ড৹ গোবিন্দ প্ৰসাদ শৰ্মাই (BRM Law college book BRMLcian) ৷

১৯১৪ চনত স্থাপিত একমাত্ৰ এই চৰকাৰী আইন মহাবিদ্যালয়খন পূৰ্বতে আৰ্ল ল' কলেজ নামেৰে জনাজাত আছিল যদিও পৰৱৰ্তী সময়ত মহাবিদ্যালয়খনক বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয় নাম দিয়া হয় ৷ শতবৰ্ষ গৰকা অসমৰ একমাত্ৰ চৰকাৰী আইন মহাবিদ্যালয়খনৰ বাৰ্ষিক আলোচনীখন উন্মোচন কৰি আজি ড৹ গোবিন্দ প্ৰসাদ শৰ্মাই কয় যে, সৃষ্টিশীল কৰ্ম হৈছে এক সাধনা ৷ এয়া সকলোৰে বাবে সম্ভৱ নহয় বা এই সাধনাত সকলোৱে জড়িত হ'ব নোৱাৰে ৷ ইয়াৰ বাবে গভীৰ অধ্যয়নৰ প্ৰয়োজন ৷ তেওঁ লগতে আৰু কয় যে লিখা-মেলা কৰিলেই সকলো লোক লেখক হৈ নপৰে ৷

ড৹ শৰ্মাই লেখক সকলক ঋষিৰ সৈতে তুলনা কৰে ৷ ৰাজশ্ৰী দেৱীৰ সম্পাদনাত প্ৰকাশিত বাৰ্ষিক আলোচনীখনৰ সম্পাদনা সমিতিৰ শিক্ষাৰ্থী সদস্যসকল হ'ল- জিতেন্দ্ৰ নাথ দাস, ফিৰোজ হাছান, হেমাশ্ৰী বৰা, ফাৰহানা বেগম চৌধুৰী, অংগন কাশ্যপ, ঋষভ ঋত্বিজ দত্ত আৰু সঞ্জীৱ মেধি ৷ বাৰ্ষিক আলোচনীখন উন্মোচনৰ পূৰ্বে মহাবিদ্যালয়খনৰ ২০২২-২৩ বৰ্ষৰ "মুক্তকন্ঠ" শীৰ্ষক প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ ভূপেশমল্ল বুজৰবৰুৱা আৰু প্ৰাক্তন অধ্যক্ষ লক্ষেশ্বৰ তালুকদাৰে ৷

প্ৰীতি পলৰ সম্পাদনাত প্ৰকাশিত এই প্ৰাচীৰ পত্ৰিকাখনৰ সম্পাদনা সমিতিৰ শিক্ষাৰ্থী সদস্যসকল হ'ল ক্ৰমে মলয়া কলিতা, জুৰি দাস, চাবিয়া টাকি, চফিকা বেগম, ইছমাইল হুছেইন, ৰাজীৱ দাস, ৰাতুল বৰা, শ্বেখ ৰিয়াজ আলম, জিছানুদ্দিন আহমেদ, কল্যাণ বুঢ়াগোহাঁই, সঞ্চিতা বৰা, অন্তৰা চন্দ আদি ৷ ২০২১-২২ বৰ্ষৰ বাৰ্ষিক আলোচনী আৰু ২০২২-২৩ বৰ্ষৰ প্ৰাচীৰ পত্ৰিকা উভয়ৰে শিক্ষক তত্বাৱধায়ক হিচাপে আছে ড৹ সংগীতা ৰাণী কলিতা আৰু শিক্ষক সদস্যৰূপে আছে ড৹ বিনীতা শৰ্মা ৷

আজিৰ এই দুয়োখন আলোচনী উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° ভূপেশমল্ল বুজৰবৰুৱাই কয় যে, এইধৰণৰ একো একোখন আলোচনীৰ পৰাই নতুন প্ৰজন্মৰ একো একোজন সম্ভাৱনাপূৰ্ণ লেখকৰ জন্ম হয় আৰু অনাগত সময়ত ভাষা সাহিত্যক আগুৱাই নিয়াত তেওঁলোকে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ উল্লেখ্য যে, শতিকা প্ৰাচীন এইখন চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰাই উত্তীৰ্ণ হৈ বহুকেইগৰাকী সুযোগ্য অসম সন্তান আজি দেশে-বিদেশে এক সন্মানজনক আসনত অধিষ্ঠিত হৈ আছে ৷

লগতে পঢ়ক:MP Ajit Bhuyan case : অজিত ভূঞাৰ সাংসদ পুঁজিৰ কেলেংকাৰী; ১৪ অভিযুক্ত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details