অসম

assam

ETV Bharat / state

উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্য খণ্ডত সংযোজিত হ'ল মাতৃদুগ্ধ বেংক

মাতৃদুগ্ধ সংৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যেৰে ৰ'টাৰী ক্লাবে গুৱাহাটীৰ ছাত্ৰীবাৰী খ্ৰীষ্টিয়ান হাস্পতালত স্থাপন কৰিলে মাতৃদুগ্ধ বেংক ৷ উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্য খণ্ডত সংযোজিত এইটোৱেই হ'ল প্ৰথমটো মাতৃদুগ্ধ বেংক ৷ মাতৃদুগ্ধৰ অভাৱত বহু নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস উদ্দেশ্যেৰে ৰ'টাৰী ক্লাবে হাতত লৈছে এই বিশেষ পদক্ষেপ ৷

Breast Milk Bank at chatribari Hospital under the initiative of Rotary Club
উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্য খণ্ডত সংযোজিত হ'ল মাতৃদুগ্ধ বেংক

By

Published : Dec 9, 2020, 10:16 PM IST

গুৱাহাটী, 9 ডিচেম্বৰ : পোনপ্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্য খণ্ডত সংযোজিত হ'ল মাতৃদুগ্ধ বেংক । মাতৃদুগ্ধ সংৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যেৰে ৰ'টাৰী ক্লাবে গুৱাহাটীৰ ছাত্ৰীবাৰী খ্ৰীষ্টিয়ান হাস্পতালত স্থাপন কৰিলে মাতৃদুগ্ধ বেংকটো । পূৰ্বৰ পৰাই মাতৃদুগ্ধৰ অভাৱত বহু নৱজাতকৰ মৃত্যু হৈ আহিছে ভাৰতবৰ্ষত ৷ সেয়েহে নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ ৰ'টাৰী ক্লাবে হাতত লৈছে এই বিশেষ পদক্ষেপ ৷ নিজ ইচ্ছা অনুসৰি দুগ্ধ বেংকটোত দুগ্ধ দান কৰিব পাৰিব মাতৃসকলে ৷

উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্য খণ্ডত সংযোজিত হ'ল মাতৃদুগ্ধ বেংক

ইয়াৰ পৰাই প্ৰয়োজন সাপেক্ষে নৱজাতকক যোগান ধৰা হ'ব মাতৃদুগ্ধ ৷ মাতৃসকলৰ বাবে বিশেষ কক্ষ প্ৰস্তুত কৰি উলিওৱা মাতৃদুগ্ধ বেংকটোত ৬ মাহলৈকে মাতৃদুগ্ধ সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷ উল্লেখ্য যে, গুৱাহাটীৰ পিছত তিনিচুকীয়া আৰু শিলচৰতো মাতৃদুগ্ধ বেংক স্থাপনৰ পৰিকল্পনা হাতত লৈছে ৰ'টাৰী ক্লাবে । ৰ'টাৰী ক্লাবৰ এই পদক্ষেপক চিকিৎসালয় কৰ্তৃপক্ষই শলাগ লৈছে ।

উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্য খণ্ডত সংযোজিত হ'ল মাতৃদুগ্ধ বেংক

লগতে পঢ়ক:পখিলা খেদা বয়সত জটিল ৰোগৰ সৈতে যুঁজিছে এটি শিশুৱে

For All Latest Updates

ABOUT THE AUTHOR

...view details