গুৱাহাটী, ১৫ জুলাই:ব্ৰহ্মপুত্ৰৰ জলস্তৰে ২০০৪ৰ অভিলেখ ভংগ কৰিলেই বিপদ নামি আহিব মহানগৰীলৈ । ৰাজ্যত বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । উজনিৰ পৰা নামনিলৈকে জলবন্দী হৈ পৰিছে লক্ষাধিক লোক । ওফন্দি উঠিছে কেবাখনো নৈ-উপনৈ । কেইবাখনো জিলাত ব্ৰহ্মপুত্ৰই ৰুদ্ৰৰূপ ধাৰণ কৰিছে । মহানগৰীতো মহাবহু ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰি বিপদ সীমা চেৰাই গৈছে ।
বান ! গুৱাহাটী মহানগৰীলৈ অশনি সংকেত - বান
কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে ৰাজ্যত বৰষুণৰ মাত্ৰা বৃদ্ধি পাইছে আৰু যদি এইদৰে বৰষুণ অব্যহত থাকে তেন্তে ব্ৰহ্মপুত্ৰৰ জলস্থৰ ২০০৪ চনৰ অভিলেখ ভংগ কৰিব । ব্ৰহ্মপুত্ৰৰ জলস্থৰ ২০০৪ চনৰ অভিলেখ ভংগ কৰা মানেই মহানগৰী গুৱাহাটী বানৰ কবলত পৰিব ।
বৰ্তমান গুৱাহাটীত ব্ৰহ্মপুত্ৰই বিপদ সীমাৰ ১ মিটাৰ ১৩ ছেন্টি মিটাৰ ওপৰেৰে বৈছে । ব্ৰহ্মপুত্ৰৰ এই ভয়াৱহ ৰূপে অশনি সংকেত কঢ়িয়াই আনিছে মহানগৰীলৈ । ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা কেইবাখনো উদ্যান জলমগ্ন হৈ পৰিছে । ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ এই ধাৰা অব্যাহত থাকিলে মহানগৰীৰ ফাঁচী বজাৰ আৰু মাছখোৱা অঞ্চল প্লাৱিত হোৱাটো নিশ্চিত । কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে ৰাজ্যত বৰষুণৰ মাত্ৰা বৃদ্ধি পাইছে আৰু যদি এইদৰে বৰষুণ অব্যহত থাকে তেন্তে ব্ৰহ্মপুত্ৰৰ জলস্তৰে ২০০৪ চনৰ অভিলেখ ভংগ কৰিব । ব্ৰহ্মপুত্ৰৰ জলস্তৰে ২০০৪ চনৰ অভিলেখ ভংগ কৰা মানেই মহানগৰী গুৱাহাটী বানৰ কৱলত পৰিব । বৰ্তমানলৈকে ৰাজ্যৰ ৩৩খন জিলাৰ ভিতৰত ২৫খন জিলাই বানপানীৰ কৱলত পৰিছে আৰু ২৬ লাখতকৈও অধিক লোক বানপানীৰ ফলত প্ৰভাৱিত হৈছে । বানপানীৰ ফলত ৰাজ্যত 9 গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ভূমিস্খলনৰ ফলত ২ জন ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে ।