গুৱাহাটী, ২ জুন :‘‘মেডিকেল কলেজৰ CCTV কেমেৰা দুটামান বেয়া হৈ আছে ৷ যাৰ ফলত মেডিকেল কলেজৰ অধ্যাপকসকল কেতিয়া আহিছে বা কেতিয়া গৈছে তাৰ দৃশ্যাংশৰ তথ্য বিভাগীয় শীৰ্ষ বিষয়াই লাভ কৰা নাই ৷ বৰ্তমানৰ নিয়ম অনুসৰি মেডিকেল কলেজৰ মূল প্ৰৱেশদ্বাৰত থকা CCTV কেমেৰাৰ জৰিয়তে সকলো দৃশ্যাংশ NMCH ত চাই থাকে ৷ সেয়ে মেডিকেল কলেজৰ CCTV কেমেৰা দুটামান বেয়া হৈ থকাৰ তথ্য মেডিকেল কাউন্সিলে জানিব পাৰি অলপ বেয়া পাইছে। চিন্তা কৰিবলগীয়া বিষয় নহয় । শীঘ্রে সমাধান হ’ব ।’’ মেডিকেল কলেজৰ স্বীকৃতি হেৰুওৱা বিষয় সন্দৰ্ভত বৃহস্পতিবাৰে এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰসংগতো কেতবোৰ মন্তব্য কৰে ৷ তেওঁ কয়, ‘‘বাউণ্ডেৰী ৱাল থাকিলেই নহ’ব, ছাত্ৰ-ছাত্ৰীৰ মানসিকতা সলনি কৰিব লাগিব ৷ এইবাৰ ভাবিছো পকী ৱালৰ বিপৰীতে বায়’ ৱাল দিব লাগিব সকলো মহাবিদ্যালয়ত ৷ তেনে কৰিলে ৱালো হ’ব, প্ৰকৃতিৰ ভাৰসাম্যও বৰ্তি থাকিব’’ (Boundary walls of all colleges will be constructed of bamboo) ৷
তেওঁ অভিযান্ত্ৰিক মহাবিদ্যালয় ছাত্ৰৰ দুৰ্ঘটনাৰ প্ৰসংগত কয়, ‘‘দুৰ্ঘটনাটোত মৃত্যু হোৱাৰ প্ৰথম দুটা দিন যিহেতু নীতি নিয়মৰ কথা থাকে, সেয়েহে মই একো সিদ্ধান্ত লোৱা নাছিলো । দুটা দিন উকলি যোৱাৰ পিচত AEC ৰ নিৰপেক্ষ তদন্তৰ খাতিৰত অধ্যক্ষ আৰু অধীক্ষকক বাধ্যতামূলক ছুটিত যাবলৈ দিয়া হৈছে । এই ঘটনাৰ পিচতে যিহেতু অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ বহুতো কথা পোহৰলৈ আহিছে । সেয়েহে শিক্ষা বিভাগৰ এক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে’’ ।