গুৱাহাটী,২১ মাৰ্চ:গুৱাহাটী প্ৰেছ ক্লাবত জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় ৷ উন্মোচন কৰা গ্ৰন্থ দুখন ক্ৰমে "গণতন্ত্ৰ বনাম স্বৈৰতন্ত্ৰ” আৰু "নাগৰিকপঞ্জী কেব আৰু কা"। দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ দুখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়া, প্ৰশান্ত ৰাজগুৰু আৰু জ্যেষ্ঠ অধিবক্তা অনিল কুমাৰ ভট্টাচাৰ্যই ৷
উন্মোচনী অনুষ্ঠানত গ্ৰন্থ দুখন সন্দৰ্ভত লেখক বৰবৰাই কয় যে এয়া তেওঁৰ দীৰ্ঘদিনীয়া সপোন আছিল ৷ কিন্তু কৰ'ণাৰ বাবে উন্মোচন হোৱাত কিছু পলম হ’ল ৷ কা বিৰোধী আন্দোলনত যেতিয়া তেওঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছিল ৷ সেইসময়ত সৰ্বসাধাৰণৰ লগত হোৱা কথা বতৰা আৰু কা-ৰ বিষয়বস্তু সৰ্ব সাধাৰণে বুজি পোৱাকৈ সৰল ভাষাত উপস্থাপন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে ৷