অসম

assam

By

Published : Aug 7, 2021, 10:28 PM IST

ETV Bharat / state

অসমতে সম্ভৱ জটিল আৰু ব্যয়বহুল অস্থিমজ্জা সংৰোপন

ডাঃ ভূৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সাফল্য। অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজহুৱা খণ্ডৰ চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে অস্থিমজ্জা সংৰোপণ। ১২ লাখৰ পৰা ১৫ লাখ পৰ্যন্ত ব্যয় হোৱা অস্থিমজ্জা সংৰোপন ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চাৰে তিনি লাখ টকাত সম্পন্ন কৰা হৈছে। প্ৰতিষ্ঠানটোৰ এই সাফল্য সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে প্ৰতিষ্ঠানটোৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকী আৰু অস্থিমজ্জা সংৰোপনৰ নেতৃত্ব দিয়া প্ৰতিষ্ঠানটোৰ মেডিকেল অংকলজী বিভাগৰ সহযোগী অধ্যাপক ডাঃ আছিফ ইকবালে।

bone marrow transplant
অসমতে সম্ভৱ জটিল আৰু ব্যয়বহুল অস্থিমজ্জা সংৰোপন

গুৱাহাটী, ৭ আগষ্ট :এতিয়া অসমতে সম্ভৱ অস্থিমজ্জা সংৰোপন । অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজহুৱা খণ্ডৰ চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন কৰা হৈছে অস্থিমজ্জা সংৰোপন । এই বিৰল কৃতিত্ব অৰ্জন কৰিছে গুৱাহাটীৰ ডাঃ ভূৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানে । নলবাৰীৰ এজন ৫৮ বছৰীয়া লোকৰ দেহত মজ্জা সংৰোপনেৰে এক নতুন দিশত অগ্ৰসৰ হ'ল প্ৰতিষ্ঠানটো ।

ইতিমধ্যে লোকজন সুস্থ হৈ ঘৰলৈ উভতি গৈছে । প্ৰতিষ্ঠানখনত এতিয়া দ্বিতীয় এজন ৰোগীৰ মজ্জা সংৰোপন কৰা হ'ব । প্ৰতিষ্ঠানখনৰ এই সাফল্য সন্দৰ্ভত সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীয়ে কয়, যথেষ্ট ব্যয়বহুল আৰু জটিল এই অস্থিমজ্জা সংৰোপন প্ৰক্ৰিয়া প্ৰথমবাৰৰ বাবে আমাৰ প্ৰতিষ্ঠানত সফলতাৰে সম্পন্ন কৰা হৈছে ।

অসমতে সম্ভৱ জটিল আৰু ব্যয়বহুল অস্থিমজ্জা সংৰোপন

উল্লেখ্য যে, অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত অস্থিমজ্জা সংৰোপনৰ বিশেষ সুবিধা নথকা বাবে বিগত সময়ত দুই শতাধিক ৰোগী চিকিৎসাৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল । ইয়াৰে অৰ্ধ শতাধিক ৰোগীৰ বাহিৰত মজ্জা সংৰোপন কৰা হয় ।

লগতে পঢ়ক:ভয়াৱহ ক’ভিড পৰিস্থিতিৰ মাজতো স্বাস্থ্য কেন্দ্ৰত অনিয়মৰ অভিযোগ

"এইটো যথেষ্ট ব্যয়বহুল আৰু বহুদিন থাকি চিকিৎসা কৰিবলগীয়া হয় । ১৫ লাখৰো অধিক টকা ব্যয় হয় । আমাৰ ইয়াত চাৰে তিনি লাখ টকা ব্যয়ত অস্থিমজ্জা সংৰোপন কৰা হৈছে। বৰ্তমান সময়ত আমাৰ ইয়াত মাহে এজন ৰোগীৰ অস্থিমজ্জা সংৰোপন কৰাৰ ব্যৱস্থা আছে । পৰবৰ্ত্তী সময়ত এই সংখ্যা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।" এইদৰে মন্তব্য প্ৰকাশ কৰে ডাঃ অমল চন্দ্ৰ কটকীয়ে ৷

অসমতে সম্ভৱ জটিল আৰু ব্যয়বহুল অস্থিমজ্জা সংৰোপন

আনহাতে, অস্থিমজ্জা সংৰোপনৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ নেতৃত্ব দিয়া প্ৰতিষ্ঠানখনৰ মেডিকেল অংকলজী বিভাগৰ সহযোগী অধ্যাপক ডাঃ আছিফ ইকবালে কয়, অস্থিমজ্জা সংৰোপন কৰা ৰোগীজন মাল্টিপল মাইল'মা নামৰ এক ধৰণৰ ব্লাড কেঞ্চাৰত আক্ৰান্ত হৈ আছিল । এক দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে ৰোগীজনৰ মজ্জা সংৰোপন কৰা হৈছে । ইতিমধ্যে ৰোগীজন সুস্থ হৈ ঘৰলৈ গৈছে বুলি জানিবলৈ দিয়ে ডাঃ আছিফ ইকবালে ৷

লগতে পঢ়ক:Tokyo 2021: প্ৰথমটো স্বৰ্ণ জয়েৰে ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই

ABOUT THE AUTHOR

...view details