অসম

assam

ETV Bharat / state

মোদীৰ সভালৈ মানুহ আনিবলৈ কেৱল গাড়ীৰ নামতেই ব্যয় ধাৰ্য ২৫ কোটি - PM Modi to visit Assam

অহা ২৮ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Modi to visit Assam) । মোদীৰ ভ্ৰমণ সকলো ফালেই সফল কৰি তুলিবলৈ বিশেষ পদক্ষেপ ৰাজ্য চৰকাৰৰ । প্ৰধানমন্ত্ৰীৰ সভালৈ মানুহ আনিবলৈকে গাড়ীৰ নামত বিজেপিয়ে ব্যয় কৰিব ২৫ কোটি টকা ।

modi visit vehicle fare
মোদীৰ সভালৈ মানুহ আনিবলৈ কেৱল গাড়ীৰ নামতেই ব্যয় ২৫ কোটি

By

Published : Apr 21, 2022, 7:29 PM IST

গুৱাহাটী, ২১ এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২৮ এপ্ৰিলৰ অসম ভ্ৰমণ(Narendra Modi to visit Assam on 28th Aril) সকলো ফালৰ পৰা সফল কৰি তুলিবলৈ বিজেপি দল আৰু চৰকাৰ উভয়েই কঁকালত টঙালি বান্ধি নামি পৰিছে । ২৮ এপ্ৰিলত ডিব্ৰুগড় আৰু ডিফুত দুখনকৈ ৰাজহুৱা সভাত ভাগ ল’ব প্ৰধানমন্ত্ৰী গৰাকীয়ে । ইয়াৰে ডিফুৰ সভাখনক লৈ বিশেষভাৱে তৎপৰ হৈ পৰিছে দল আৰু চৰকাৰ (Narendra Modi to visit Diphu)।

কিয়নো ডিফু নগৰৰ সমীপত প্ৰায় পাঁচশ বিঘা মাটিৰ এক বিশাল এলেকাত এই সভাৰ প্ৰস্তুতি চলিছে । এইখন সভাত পাঁচ লাখ লোক বিভিন্ন জিলাৰ পৰা আনি সমবেত কৰিবলৈ লক্ষ্য স্থিৰ কৰিছে গেৰুৱা দলটোৱে । যাৰ বাবে সমগ্ৰ প্ৰশাসন ব্যৱস্থা এতিয়া নামি পৰিছে এই সভাৰ ব্যৱস্থাপনাত ।

ইটিভি ভাৰতে ইতিমধ্যে এক বাতৰি পৰিবেশন কৰিছিল যে ২৮ মে'ৰ দুয়োখন সভালৈ মানুহ আনিবলৈ প্ৰায় দহ হাজাৰখন বাছ, ট্ৰেভেলাৰ, টাটা চুম', ইন'ভা আদি বাহনৰ ব্যৱস্থা কৰিবলৈ দিছপুৰৰ ফালৰ পৰা অনানুষ্ঠানিক নিৰ্দেশনা দিয়া হৈছে ৰাজ্যৰ পৰিবহন বিভাগক । ইমান বৃহৎ সংখ্যক গাড়ী একেলগে যোগাৰ কৰিবলৈ গৈ পৰিবহন বিভাগৰ থৰকাছুটি হেৰাইছে ।

অৱশ্যে কিছুসংখ্যক বাছ ৰাজ্যিক পৰিবহন বিভাগৰ পৰা যোগান ধৰা হ’ব যদিও অধিকাংশ বাহনেই যোগাৰ কৰাৰ গুৰু দায়িত্ব পৰিছে পৰিবহন বিভাগৰ ওপৰত । বিভাগটোৰ এক শীৰ্ষ সূত্ৰই এই কথা জানিবলৈ দি কয় যে এই বাহন সমূহৰ ভাড়াৰ বাবদ পৰিশোধ কৰা হ’ব প্ৰায় ২৫ কোটি টকা ।

আগতীয়াকৈ ইতিমধ্যে ভাড়া পৰিশোধৰো ব্যৱস্থা কৰা হৈছে । ২৫ কোটিটকীয়া এই ভাড়াৰ অংকটোৰ পৰাই বুজিব পাৰি মোদীৰ দুয়োখন সভাৰ বাবে সৰ্বমুঠ ব্যয় এশ কোটি টকাৰ কম নিশ্চয় নহ’ব । কিয়নো, ডিফুৰ পাঁচশ বিঘা অঞ্চলজুৰি যি সভাৰ আয়োজন কৰা হৈছে তাত থাকিব এখন অস্থায়ী হেলিপেডো । গতিকে দুয়োখন সভাৰ ব্যয়ৰ হিচাপো সহজেই অনুমেয় ।

লগতে পঢ়ক:জিগনেশ মেৱানীক মুকলিৰ দাবীত আন্দোলনৰ হুংকাৰ ভূপেন বৰাৰ

ABOUT THE AUTHOR

...view details