অসম

assam

By

Published : Jun 11, 2020, 3:26 PM IST

ETV Bharat / state

আগন্তুক নিৰ্বাচন সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে ৰঞ্জিৎ দাসৰ আছুতীয়া সাক্ষাৎকাৰ

ৰিপ'ৰ্ট কাৰ্ডৰ পৰা নিৰ্বাচনী প্ৰস্তুতিলৈকে,বি টি আৰৰ নিৰ্বাচনৰ পৰা আৰম্ভ কৰি সমষ্টি পুণৰ নিৰ্ধাৰণলৈকে,ভাৰ্চুৱেল ৰেলীৰ পৰা ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰলৈকে সকলো সামৰি চাওক,বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসৰে হোৱা ই টিভি ভাৰতৰ এই বিশেষ সাক্ষাৎকাৰ...

bjp state president ranjit das exclusive interview on etv bharat
bjp state president ranjit das exclusive interview on etv bharat

গুৱাহাটী, ১১ জুনঃ কৰ'ণা বিভীষিকাৰ মাজতে অসমত এতিয়া খুব সন্তৰ্পণে আৰম্ভ হৈছে নিৰ্বাচনী অনুশীলন । ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত আছে এবছৰতকৈও কম দিন । গতিকে স্বাভাৱিকতে আহি পৰিছে ৰাজনৈতিক দলসমূহৰ ব্যস্ততাৰ সময় । এইক্ষেত্ৰত যথেষ্ঠ তৎপৰতাৰে আগুৱাই যোৱা দেখা গৈছে শাসকীয় বিজেপি দলক । সেয়েহে ই টিভি ভাৰতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসৰ পৰা দলটোৰ নিৰ্বাচনকেন্দ্ৰিক ব্যস্ততা সন্দৰ্ভত জানিবলৈ চেষ্টা কৰিছে সকলো খবৰ ।

আগন্তুক নিৰ্বাচন সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে ৰঞ্জিৎ দাসৰ আছুতীয়া সাক্ষাৎকাৰ

এক বিশেষ সাক্ষাৎকাৰত বৃহস্পতিবাৰে দলটোৰ সভাপতি গৰাকীয়ে ই টিভি ভাৰতৰ আগত কয় যে,আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলটো ইতিমধ্যে সাজু হৈছে । ১৮ জুনৰ পৰা সমগ্ৰ অসমত বিজেপিয়ে আৰম্ভ কৰিব এক ব্যতিক্ৰমী কাৰ্যসূচী । সেই অনুসৰি দলটোৰ শীৰ্ষ নেতাসকলে ৰাজ্যৰ ৫০ লাখ পৰিয়ালৰ ঘৰে ঘৰে গৈ আৰম্ভ কৰিব এক বিশেষ নিৰ্বাচনকেন্দ্ৰিক অভিযান । কৰ'ণাৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে এইবাৰ ব্যাপক জনসমাগম এৰাই চলি ভাৰ্চুৱেল ৰেলীৰ জড়িয়তে ৰাইজৰ কাষ চপাৰ পৰিকল্পনা কৰিছে বুলিও তেওঁ প্ৰকাশ কৰে । ইয়াৰ অংশস্বৰূপে ১৬ জুনত অনুষ্ঠিত হ'ব এক বৃহৎ পৰিসৰত অনলাইন ৰেলী । যিখন ৰেলী সম্বোধন কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডাই ।

মিত্ৰদল বি পি এফৰ সৈতে বিজেপিৰ এক তিক্ততাপূৰ্ণ সম্পৰ্ক আৰম্ভ হৈছে নেকি?

আনহাতে, আজিৰ তাৰিখত সবাটোকৈ চৰ্চিত বিষয়টো হৈছে আগন্তুক নিৰ্বাচনত বিজেপিৰ বৰ্তমানৰ সকলো বিধায়কে পুনৰ প্ৰাৰ্থিত্ব লাভ কৰিবনে ? কিয়নো বিধায়ক সকলৰ কাম কাজৰ ওপৰত এক ৰিপ'ৰ্ট কাৰ্ডৰ ব্যৱস্থা কৰা হৈছে । তাৰ ওপৰতে নিৰ্ভৰ কৰিছে তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত । সভাপতি গৰাকীয়ে প্ৰকাশ কৰে যে,ৰিপ'ৰ্ট কাৰ্ডৰ প্ৰক্ৰিয়া এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই । সেই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগেই সেইসমূহ প্ৰেৰণ কৰা হ'ব দলৰ ৰাষ্ট্ৰীয় সভাপতিলৈ ৷ তাৰ পিচতহে দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই সিদ্ধান্ত গ্ৰহণ কৰিব কোনে প্ৰাৰ্থিত্ব পাব বা নাপাব । ইপিনে,শেহতীয়াকৈ মিত্ৰদল বি পি এফৰ সৈতে বিজেপিৰ এক তিক্ততাপূৰ্ণ সম্পৰ্ক আৰম্ভ হৈছে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত কৌশলী উত্তৰ দি ৰঞ্জিৎ দাসে কয় যে,ৰাজনীতিত আচলতে তেনেকুৱা কথা নাথাকে । আগন্তুক বি টি আৰ নিৰ্বাচনত বিজেপিয়ে বি পি এফৰ বিৰুদ্ধে অৱতীৰ্ণ হ'বই,গতিকে ইয়াক কোনোবাই তিক্ততাপূৰ্ণ সম্পৰ্ক বুলি ভাবিলেও উপায় নাই । বি পি এফৰ কেইবাজনো বিধায়কে ইতিমধ্যে বিজেপিত যোগ দিবলৈ ওলোৱা বিষয়টোও অৱশ্যে তেওঁ অস্বীকাৰ নকৰে ।

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলটো ইতিমধ্যে সাজু হৈছেঃ ৰঞ্জিৎ দাস

লগতে পঢ়কঃঅভি-নীল হত্যাকাণ্ডৰ দুটা বছৰ সম্পূৰ্ণঃ ন্যায় কেতিয়া?

For All Latest Updates

TAGGED:

etv bharat

ABOUT THE AUTHOR

...view details