গুৱাহাটী,৬ অক্টোবৰ :গুৱাহাটীৰ বশিষ্ঠত নিৰ্মাণ কৰা প্ৰদেশ বিজেপিৰ মুখ্য কাৰ্যালয় শনিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব (State BJP new office in Guwahati)। মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই (BJP central leader to inaugurates new office)। ইয়াৰ বাবে শুকুৰবাৰে বিয়লি ৪ বজাত গুৱাহাটীত উপস্থিত হ'ব অমিত শ্বাহ আৰু জে পি নাড্ডা । ৰাজ্যিৰ বিজেপিৰ গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ।
তেওঁ কয় যে, ৮ অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা প্ৰদেশ বিজেপিৰ নৱনিৰ্মিত ৰাজ্যিক কাৰ্যালয় উদ্বোধন অনুষ্ঠানৰ আয়োজন কৰা হৈছে । উক্ত অনুষ্ঠানত বিজেপিৰ ৭৫ গৰাকী জ্যেষ্ঠ কৰ্মকৰ্তাক সন্মান জনোৱা হ'ব । বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয় মুকলি কৰাৰ পাছতে দুপৰীয়া ১২ বজাত খানাপাৰাৰ খেলপথাৰত বুথ কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত হ'ব (BJP meeting in Khanapara)।
কেন্দ্ৰীয় মন্ত্রী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই বুথ কাৰ্যকৰ্তা সন্মিলন সম্বোধন কৰিব । এই সন্মিলনত ৪০ হাজাৰৰ পৰা ৪৫ হাজাৰ কৰ্মকৰ্তাৰ সমাগম হ'ব বুলি তেওঁ উল্লেখ কৰে । যোগদান কাৰ্যসূচী সন্দৰ্ভত তেওঁ কয় যে কৰ্মকৰ্তাৰ বিশাল সমাবেশৰ বাবেই যোগদান কাৰ্যসূচী পিছুৱাই দিয়া হৈছে (BJP joining program cancel)। এইক্ষেত্রত দলত কোনো দ্বিমত নাই বুলি সদৰি কৰি তেওঁ কয় যে দেৱালীৰ পাছত মহা যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব ।
ইফালে মাজুলীত উদীয়মান শিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যু সন্দৰ্ভত তেওঁ কয় যে, এইটো অত্যন্ত দুখজনক ঘটনা । কাৰ গাফিলতিৰ বাবে তেজস্বিতা বৰুৱাৰ মৃত্যু হ'ল সেয়া স্বাস্থ্য বিভাগে চাব বুলি তেওঁ সদৰি কৰে । সংবাদমেলত তেওঁ দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই অনুমোদন জনোৱা অসম প্ৰদেশ বিজেপিৰ চাৰিখনকৈ গুৰুত্বপূৰ্ণ কমিটীৰ বিষয়ে উল্লেখ কৰে ।
তেওঁ অনুমোদন জনোৱা ক'ৰ কমিটী, নিৰ্বাচন কমিটী, বিত্ত সমিতি আৰু অনুশাসন সমিতিৰ তালিকা আনুষ্ঠানিকভাৱে ঘোষণা কৰে । ঘোষণা কৰা অনুসৰি ক'ৰ কমিটীত আছে সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ কুইন ওজা, মন্ত্ৰী ৰণজিৎ দাস, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰতন তেৰণ, উপ-সভানেত্ৰী বিজুলী কলিতা মেধী, উপ-সভাপতি তপন গগৈ, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিমল অশ্বোৱাল, তিনিগৰাকী সাধাৰণ সম্পাদক পল্লৱ লোচন দাস, পুলক গোঁহাই আৰু দিপ্লু ৰঞ্জন শৰ্মা ।