অসম

assam

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 10:52 PM IST

ETV Bharat / state

তেওঁলোকক শাসন লাগে শোষণৰ বাবে: ভৱেশ কলিতা

ঝাৰখণ্ডৰ কংগ্ৰেছ সাংসদ ধীৰাজ চাহুৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা ধনৰ সন্দৰ্ভত কংগ্ৰেছক সমালোচনা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ৷ ‘‘কিতাপৰ লাইব্ৰেৰী দেখিছো যদিও টকাৰ লাইব্ৰেৰী দেখা নাছিলো ’’ - ক'লে কলিতাই ৷

BJP State President Bhabesh Kalita
তেওঁলোক শাসন লাগে শোষণৰ বাবে

তেওঁলোক শাসন লাগে শোষণৰ বাবে

গুৱাহাটী, 9 ডিচেম্বৰ :‘24ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ক্ৰমান্বয়ে এপদ এপদকৈ সকলো হেৰুৱাবলৈ ধৰিছে কংগ্ৰেছে ৷ শেহতীয়াকৈ পাঁচ ৰাজ্যৰ নিৰ্বাচনত চাৰি ৰাজ্যতে কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ কাৰণ বিশ্লেষণ কৰি থাকোতে কংগ্ৰেছৰ সাংসদৰ ঘৰত দমে দমে টকা উদ্ধাৰ হৈছে ৷ শুকুৰবাৰে ঝাৰখণ্ডৰ কংগ্ৰেছ সাংসদ ধীৰাজ চাহুৰ বাসগৃহৰ পৰা প্ৰায় 200 কোটি টকা উদ্ধাৰৰ পাচতে অস্বস্তিত পৰিছে কংগ্ৰেছ ৷ বিপৰীতে সুযোগ সন্ধানী বিজেপিয়ে তীক্ষ্ণ বাক্যবাণেৰে কংগ্ৰেছক সমালোচনা কৰিছে ৷

শনিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইফালে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত আজি আয়োজন কৰা এক সংবাদমেলত কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰিল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ৷ কংগ্ৰেছক টাৰ্গেট কৰি কলিতাই কয়, ‘‘আমি ইমান দিনে কিতাপৰ লাইব্ৰেৰী দেখি আহিছো ৷ কিন্তু টকাৰ লাইব্ৰেৰী দেখা নাছিলো ৷ এই টকা ক’ৰ পৰা আহিছে এই প্ৰশ্নৰ উত্তৰ কংগ্ৰেছে দিব লাগিব ৷ সকলো ক্ষেত্ৰতে ই ডিৰ জেৰাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা কংগ্ৰেছে এই অবৈধ ধনৰ সৈতে দলটোৰ সম্পৰ্ক যে আছে সেয়া গাপ দিবলৈ বিচাৰিছে ৷ সেয়ে সকলো কংগ্ৰেছ সাংসদক জেৰা কৰিব লাগে ৷’’

তেওঁ লগতে কয়, ‘‘কংগ্ৰেছে এনেকৈয়ে দেশখন লুটি আহিছে । দুর্নীতিৰে লুতুৰি-পুতুৰি হোৱা কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে I.N.D.I.A মিত্ৰজোঁট গঠন কৰি দুৰ্নীতিৰ বিৰুদ্ধে শ্লোগান দিয়ে ৷ কিন্তু ৰাহুল গান্ধীৰ অতি ঘনিষ্ঠ সাংসদৰ ঘৰতে 200 কোটি উদ্ধাৰ হ’ল ৷ কংগ্ৰেছে সদায় নিজৰ পকেটৰ কথা চিন্তা কৰে ৷ কংগ্ৰেছে যিহেতু বিধায়ক, সাংসদ আৰু জনতাক ক্ৰয় কৰাত পাকৈত ৷ সেয়ে তেওঁলোকে এনে ধন লগত ৰাখিছিল ৷ এনেকুৱা দুর্নীতিগ্ৰস্ত দলক লোকসভা নিৰ্বাচনত ৰাইজে যে শিক্ষা দিব সেয়া নিশ্চিত ৷ বৰ্তমানৰ প্ৰধানমন্ত্ৰীয়ে যে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হ'ব সেয়াও এশ শতাংশই শুদ্ধ ৷’’

লগতে পঢ়ক :পাৰিজাত নামেৰে পৰিচিত হ’ব ৰাজ্যিক চিৰিয়াখানাত জন্ম হোৱা জিৰাফৰ পোৱালীটো

ABOUT THE AUTHOR

...view details