গুৱাহাটী, 9 নৱেম্বৰ :কংগ্ৰেছী বিধায়ক আফতাবুদ্দিন মোল্লাই হিন্দু ধৰ্মৰ পূজাৰী তথা নামঘৰীয়াসকলৰ বিৰুদ্ধে কটু মন্তব্য আগবঢ়োৱাৰ প্ৰত্যুত্তৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত ৰাজ্যিক বিজেপিয়ে নিজ মন্তব্য আগবঢ়াইছে । ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কিশোৰ উপাধ্যায়ে বুধবাৰে সংবাদমেলৰ জৰিয়তে কয় যে, ‘ভাৰতীয় সভ্যতা-সংস্কৃতিৰ প্ৰতি বিৰূপ মন্তব্য কৰা তথা ভাবুকি কঢ়িয়াই কোনো ব্যক্তিকে আমাৰ সমাজে ক্ষমা নকৰে । এনে প্ৰতিজন ব্যক্তিকে চৰকাৰে কঠোৰ হাতেৰে দমন কৰিব লাগে’ ৷
তেওঁ লগতে কয় যে, ‘বাংলাদেশী মূলৰ ভোটাৰক আকৰ্ষণ কৰাই হৈছে কংগ্ৰেছৰ মূল ধৰ্ম । আজি কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত এই ভোটাৰসকলক লৈ প্ৰতিযোগিতা চলিছে । কংগ্ৰেছ দলে এই ভোটাৰসকলৰ লালসাত পৰি আমাৰ নামঘৰ আৰু সত্ৰক বদনাম কৰি সনাতন পৰম্পৰাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে’ ।
ভূপেন বৰাৰ প্ৰসংগটো টানি আনি তেওঁ কয় যে, ইয়াৰ পূৰ্বে লাভ জেহাদৰ বিৰুদ্ধে দেশজুৰি চলি থকা প্ৰতিবাদৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বাংলাদেশী ভোটাৰক সন্তুষ্ট কৰিবলৈ গৈ আমাৰ পৰম আৰাধ্য দেৱতা শ্ৰী কৃষ্ণক লাভ জেহাদীৰ সৈতে তুলনা কৰিছিল । কিশোৰ উপাধ্যায়ে লগতে কয় যে কংগ্ৰেছৰ নেতৃত্বত ইণ্ডি এলায়েন্সেও ভাৰতীয় সভ্যতাৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে । ৰাহুল গান্ধীয়ে কৈছিল, মন্দিৰলৈ যোৱা মানুহে ছোৱালী জোকাই, তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ পুত্ৰ উদয়নিধি ষ্টেলিনে সনাতন ধর্মক মেলেৰিয়া আৰু ডেংগুৰ বাহক বুলি মন্তব্য কৰি সনাতন ধৰ্মক নিঃশেষ কৰিবলৈ আহ্বান জনাইছিল । তেখেতৰ এই বক্তব্যক কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেৰ পুত্ৰই প্ৰিয়াংক খাগেই সমৰ্থন কৰাৰ লগে লগে কংগ্ৰেছৰ মৌন সমর্থনকে সূচাইছিল ।