গুৱাহাটী, ২২ মে': ৰাজ্যত দ্বিতীয়বাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰিলে ঠিকেই কিন্তু বিজেপিয়ে আশানুৰূপ সহাৰি নাপালে সংখ্যালঘু ভোটদাতাৰ পৰা । নিৰ্বাচনৰ ঠিক আগৰে পৰা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক দেখা গৈছিল সংখ্যালঘু অধ্যুষিত সমষ্টি সমূহত বিশেষভাৱে তৎপৰ হৈ পৰা ।
তেওঁৰ সেই তৎপৰতাৰ অংশ হিচাপেই নিৰ্বাচনৰ পূৰ্বে বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন অঞ্চলত ভালেসংখ্যক সংখ্যালঘু নেতা, প্ৰাক্তন বিধায়ক আদিয়ে বিজেপিত যোগ দিছিল । বহুকেইজন সংখ্যালঘু নেতাক দলটোৱে ভিন ভিন পদবীও অৰ্পণ কৰিছিল ।
কিন্তু এতিয়া নিৰ্বাচনোত্তৰ চৰজমিন সমীক্ষাৰ অন্তত বিজেপিৰ ৰাজ্যিক নেতৃত্ব পতিয়ন গৈছে যে, কোনো এটা সমষ্টিতে সংখ্যালঘু ভোটদাতাৰ পৰা দলটোৱে আশা কৰা ধৰণে সঁহাৰি লাভ নকৰিলে । ৰাজ্যিক বিজেপিৰ এক শীৰ্ষ সুত্ৰই প্ৰকাশ কৰিছে এই কথা ।