গুৱাহাটী,২২আগষ্ট:জ্যেষ্ঠ বিজেপি নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰাজেন গোহাঁইৰ শেহতীয়া মুকলি বিদ্ৰোহে কঁপাইছে বিজেপিৰ ভিতৰচ'ৰা । ক্ষুব্ধ হৈ পৰিছে বিজেপিৰ একাংশ সাধাৰণ নেতা কৰ্মী । পিছে এইবাৰ দুই ম'হৰ যুঁজত যেন বিৰিণাৰ মৰণ । ৰাজপথত “সিদ্ধাৰ্থ ভট্টাচাৰ্য মুর্দাবাদ, ৰাজেন গোহাঁই মুর্দাবাদ, হিমন্ত বিশ্ব জিন্দাবাদ” শ্লোগান দি বিজেপিৰ পৰা নিলম্বিত হ’ল বিজেপি নেতা ।
আভ্যন্তৰীণ কন্দলত জৰ্জৰিত বিজেপিৰ নেতৃত্ব যেন হঠাৎ কঠোৰ হৈ পৰিছে ৷ মঙলবাৰে বিয়লি দলৰ নেতাৰ বিৰুদ্ধে ধৰ্ণা আৰু সন্ধিয়ালৈ ধৰ্ণাৰ নেতৃত্ব লোৱা পালিনেতাক নিলম্বন ৷ সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰাজেন গোঁহাইৰ বিৰুদ্ধে ধৰ্ণা দি নিলম্বিত হ'ল বিজেপিৰ নেতা ৷ ৰাজ্যিক বিজেপিয়ে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ নিলম্বন কৰিছে দলৰেই জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজপথত শোভাযাত্ৰা কৰি ধৰ্ণাৰ নেতৃত্ব দিয়া সৌমেন্দ্ৰ নাথ ডেকাক ৷
ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মাই সৌমেন্দ্ৰ নাথ ডেকাক দলৰ পৰা নিলম্বন কৰিছে । ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ নিৰ্দেশ মৰ্মে নিলম্বন কৰা বুলি বুলি সৌমেন্দ্ৰ নাথ ডেকালৈ পত্ৰ প্ৰেৰণ কৰিছে দিপ্লু ৰঞ্জন শৰ্মাই ৷ নিলম্বিত পত্ৰখনত উল্লেখ কৰা হৈছে— “ভাৰতীয় জনতা পার্টিৰ জ্যেষ্ঠ নেতৃত্বৰ বিৰুদ্ধে উদ্দেশ্য প্রণোদিতভাৱে ৰাজহুৱা স্থানত ধর্ণা প্ৰদৰ্শন কৰি দল বিৰোধী কার্যকলাপত লিপ্ত হোৱা তথা দলীয় অনুশাসন ভংগ কৰাৰ গুৰুতৰ অভিযোগৰ ভিত্তিত ভাৰতীয় জনতা পার্টি, অসম প্রদেশ মাননীয় সভাপতি শ্ৰীযুত ভবেশ কলিতা ডাঙৰীয়াই তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ আপোনাক ভাৰতীয় জনতা পাৰ্টিৰ পৰা নিলম্বন কৰিছে।”