অসম

assam

বড়োভূমিৰ 5 টা সমষ্টিত নিজাকৈ প্ৰতিদ্বন্দিতা কৰিব বিজেপিয়ে

By

Published : Jan 10, 2021, 4:27 PM IST

আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিয়ে বড়োভূমিৰ 5 টা সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ সম্ভাব্য প্ৰকট ৷ দলটোৰ গোপন সূত্ৰই জানিবলৈ দিয়ে এই কথা ৷

bjp-candidate-provide-for-upcoming-assembly-election-in-btr
বড়োভূমিৰ 5 টা সমষ্টিত নিজাকৈ প্ৰতিদ্বন্দিতা কৰিব বিজেপিয়ে

গুৱাহাটী, 10 জানুৱাৰী : বিধানসভা নিৰ্বাচনত বড়োভূমিত বিজেপিয়ে যি দলৰ সৈতেই মিত্ৰতা নকৰক কিয়, বি টি আৰৰ কমেও 5 টা সমষ্টিত গেৰুৱা দলটোৱে নিজাকৈ প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হ'ব । বিজেপিয়ে এই কথা ৰাজহুৱাকৈ ইউপিপিএল কিম্বা বিপিএফৰ সৈতে এক নতুন ব্যৱধান সৃষ্টি কৰিব খোজা নাই যদিও ৰাজ্যিক বিজেপিৰ এক শীৰ্ষ সুত্ৰই ই‌টিভি ভাৰতক জানিবলৈ দিছে এই সিদ্ধান্তৰ কথা ।

বিটিআৰৰ চাৰিখন জিলাত থকা মুঠ 12 টা বিধানসভা সমষ্টিৰ বৰ্তমান এটা সমষ্টিও বিজেপিৰ দখলত নাই । তেনেক্ষেত্ৰত আগন্তুক নিৰ্বাচনত বড়োভূমিত 'খাতা খুলিব' খুজিছে গেৰুৱা দলটোৱে । দলীয় সুত্ৰটেৱে প্ৰকাশ কৰা মতে, ইতিমধ্যে অগপ আৰু বি পি এফৰ পৰা গৈ গেৰুৱা বস্ত্ৰ পিন্ধা তিনি প্ৰাক্তন মন্ত্ৰী আৰু প্ৰাক্তন বিধায়কক আগন্তুক বিধানসভা নিৰ্বাচনত বড়োভূমিৰ তিনিটা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়াটো এক প্ৰকাৰ নিশ্চিত হৈ আছে ।

লগতে পঢ়ক :বাইহাটাত ন-পুৰণি বিজেপি কৰ্মীৰ মাজত সংঘাত!

এই তিনি ন-বিজেপি সম্ভাব্য প্ৰাৰ্থী হ'ল ক্ৰমে, বৰমা সমষ্টিত ৰেখাৰাণী দাস বড়ো, তামুলপুৰ সমষ্টিত ইমানুৱেল মুছাহাৰী আৰু গৌৰীপুৰ সমষ্টিত বনেন্দ্ৰ কুমাৰ মুছাহাৰী । ইয়াৰ উপৰিও নিৰ্বাচনৰ ঠিক আগে আগে বৰ্তমানৰ এজন বিপিএফৰ কেবিনেট মন্ত্ৰীয়েও বিজেপিত যোগ দিয়াৰ সম্ভাৱনা প্ৰৱল । সম্প্ৰতি এইজন মন্ত্ৰীৰে বিজেপিৰ দৰদাম চলি আছে । মন্ত্ৰীৰ চৰ্ত তেওঁক বিজেপিয়ে টিকট দিব লাগিব তেওঁৰ বৰ্তমানৰ সমষ্টিতেই । যদি সেয়া হয় তেন্তে বৰ্তমানৰ এইজন বিপিএফৰ মন্ত্ৰীক আগন্তুক নিৰ্বাচনত দেখা যাব বিজেপিৰ প্ৰাৰ্থীৰূপে । এনেদৰে কমেও পাঁচটা সমষ্টিত নিজাকৈ প্ৰতিদ্বন্দিতা কৰাৰ ৰূপৰেখা ইতিমধ্যে প্ৰস্তুত কৰিছে বিজেপিয়ে ।

লগতে পঢ়ক :দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব নিৰ্বাচনী আয়োগৰ প্ৰতিনিধিৰ দল

ABOUT THE AUTHOR

...view details