দিছপুৰ আৰক্ষীৰ হেমাহিৰ বাবেই বুকু সুদা হ’ল এহাল পিতৃ-মাতৃৰ গুৱাহাটী, ১৪ ফেব্ৰুৱাৰী : মহানগৰীৰ স্মাৰ্ট আৰক্ষীৰ চৰম ব্যৰ্থতাৰ বাবে প্ৰাণ হেৰুৱালে বিশ্বজিৎ হাজৰিকাই (Biswajit Hazarika Murder)। চাৰি মাহ পূৰ্বে অপহৰণ হোৱা বিশ্বজিৎ হাজৰিকাক অপহৰণকাৰীয়ে নৃশংসভাৱে হত্যা কৰিলে । মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পাচতো এক সুফল নাপালে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে ৷ পুত্ৰ শোকত ম্ৰিয়মান পৃতি-মাতৃয়ে তুলিলে এই অভিযোগ ৷
বৃদ্ধ পিতৃ-মাতৃৰ একমাত্ৰ সন্তান বিশ্বজিতক অক্টোবৰতে হত্যা কৰিছিল অপহৰণকাৰীয়ে (Biswajit Hazarika murder after kidnap)৷ পুত্ৰ উভতি আহিব বুলি বাট চাই থকা বৃদ্ধ পিতৃ-মাতৃলৈ সোমবাৰে পুত্ৰ এই পৃথিৱীত নথকাৰ দুসংবাদ আহিল । বাৰম্বাৰ আৰক্ষীৰ কাষ চাপিছিল যদিও আৰক্ষীৰ চূড়ান্ত অবহেলাৰ বাবে এই ঘটনা সংঘটিত হয় বুলি অভিযোগ উত্থাপিত হৈছে ৷
দিছপুৰ আৰক্ষীৰ (Dispur police station) ভুলৰ বাবে একমাত্ৰ পুত্ৰ বিশ্বজিৎ হাজৰিকাই প্ৰাণ হেৰুৱাবলগীয়া হ’ল বুলি ক্ষোভ প্ৰকাশ কৰিছে বিশ্বজিতৰ দুৰ্ভগীয়া মাতৃয়ে । আৰক্ষীয়ে তিলমানো তদন্ত নকৰাৰ অভিযোগ কৰে মাতৃয়ে ৷ উল্লেখ্য যে, আৰক্ষীয়ে সমগ্ৰ বিশ্বজিতে কোনো যুৱতী লৈ পলায় যোৱা বুলিহে প্ৰকাশ কৰিছিল পৰিয়ালৰ আগত । ধৃত অপহৰণকাৰীকেইটাক ফাঁচি দিবলৈ দাবী জনাইছে বিশ্বজিৎ হাজৰিকাৰ মাতৃয়ে ৷
মন কৰিবলগীয়া যে, অপহৰণকাৰীয়ে বৃদ্ধ পিতৃক পল্টনবজাৰ, খানাপাৰা, ৰুক্মিণী গাঁও আদিলৈ দাবী কৰা ধন দিবলৈ মাতিছিল যদিও অপহৰণকাৰীয়ে ধন নিবলৈ অহা নাছিল বুলি মাতৃয়ে সংবাদমাধ্যমৰ আগত জনায় । একমাত্ৰ পুত্ৰক হেৰুৱাই শোকত ভাঙি পৰিছে পিতৃ-মাতৃ ৷
উল্লেখ্য যে, সৰুৰে পৰা একেলগে পঢ়া বন্ধু তথা একেলগে খেলি ডাঙৰ হোৱা বন্ধুৱেই ঘাটকৰ ৰূপ ল’লে বিশ্বজিৎ হাজৰিকাৰ বাবে ৷ ৯ অক্টোবৰত অপহৰণ হোৱা বিশ্বজিৎ হাজৰিকাৰ অপহৰণৰ গোচৰৰ তদন্তৰ ফাইল ৰঙা কাপোৰৰ মাজতে সোমাই পৰাৰ উপক্ৰম হৈছিল । যোৱা ৯ ফেব্ৰুবাৰীত বিশ্বজিৎ হাজৰিকাৰ পিতৃ-মাতৃয়ে আৰক্ষী আয়ুক্ত দিগন্ত বৰাক (Guwahati CP Diganta Bora) সাক্ষাৎ কৰি সমগ্ৰ ঘটনাটো জনাই তদন্তৰ বাবে আহ্বান জনায় ।
ইয়াৰ পাচতে আৰক্ষী আয়ুক্তৰ নিৰ্দেশ অনুসৰি খোলা হ’ল বিশ্বজিৎ হাজৰিকা অপহৰণকাণ্ডৰ তদন্তৰ ফাইল । অপৰাধ শাখাৰ দল আৰু দিছপুৰ আৰক্ষীয়ে পুনৰ নতুন দৃষ্টি-ভংগীৰে আৰম্ভ কৰিলে তদন্ত । তিনি দিনৰ ভিতৰত সমগ্ৰ ঘটনাটো পোহৰলৈ আহিল ৷ এতিয়া প্ৰশ্ন উঠিছে তিনিদিনৰ ভিতৰত তদন্ত কৰি সমগ্ৰ ঘটনাটো পোহৰলৈ আনিব পাৰিলে যদি সেই একেই আৰক্ষীয়ে যুৱকজনক অপহৰণ কৰাৰ পাচতে এনে ক্ষীপ্ৰ ব্যৱস্থা লোৱাহেতেন হয়তো তেওঁৰ জীৱন ৰক্ষা পৰিলেহেতেন ৷
চাৰি মাহ পূৰ্বে সেই কামটো কিয় কৰিব নোৱাৰিলে আৰক্ষীয়ে ? সেই সময়ত আৰক্ষী বিষয়াসকলে সমগ্ৰ ঘটনাটোৰ তদন্তত অৱহেলা কৰিছিল নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে ৷ উল্লেখ্য যে, বিগত বৰ্ষৰ ৯ অক্টোবৰত বিশ্বজিৎ হাজৰিকা কৰ্তব্যৰত ফাৰ্মাচীৰ পৰা উভতাৰ পথত অপহৰণ কৰা হৈছিল ৷ বিশ্বজিতৰ মুক্তিপণ হিচাবে ৪০ লাখ টকা দাবী কৰিছিল অপহৰণকাৰীয়ে ৷
অপহৰণৰ ঘটনাক লৈ বাতৰি প্ৰচাৰ হোৱাৰ পাচতে অতংকিত হৈ অপহৰণকাৰীয়ে হত্যাৰ পৰিকল্পনা কৰিছিল ৷ ২৩ অক্টোবৰত প্লাষ্টিকৰ ৰচীৰে ডিঙি চেপি অচেতন কৰি বস্তাত সোমোৱাই কিলিং নদীত পেলায় দিছিল ৷ 1 নৱেম্বৰত কিলিং নদীত বিশ্বজিৎ হাজৰিকাৰ মৃতদেহ নেলী আৰক্ষীয়ে উদ্ধাৰ কৰিছিল ৷ সমগ্ৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড বিশ্বজিতৰ সৰুকালৰ বন্ধু অজয় কলিতাসহ ছয় অপহৰণকাৰী গ্ৰেপ্তাৰ হোৱাৰ পাচতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহিছে (School friend murder in Guwahati) ৷
লগতে পঢ়ক:Child Marriage Crackdown: চাৰি সহস্ৰাধিক বাল্যবিবাহৰ গোচৰত ৩০১৫ জনক গ্ৰেপ্তাৰ; একাংশৰ আত্মসমৰ্পণ