অসম

assam

ETV Bharat / state

বিটিচি সন্দৰ্ভত ন্যায়ালয়ৰ ৰায়ত অসন্তুষ্ট বিশ্বজিৎ দৈমাৰী - উত্তৰ কাছাৰ পাহাৰীয়া জিলা

আস্থা ভোটৰ পূৰ্বে জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লুত উপস্থিত হৈ এক তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীয়ে। বিশ্বজিৎ দৈমাৰীৰ মতে প্ৰমোদ বড়োৰ সৈতে সংখ্যাগৰিষ্ঠতা আছে ।

bishwajit-doimari-says-on-btc
বিটিচি সন্দৰ্ভত ন্যায়ালয়ৰ ৰায়ত অসন্তুষ্ট বিশ্বজিৎ দৈমাৰী

By

Published : Dec 23, 2020, 9:53 PM IST

গুৱাহাটী, 23 ডিচেম্বৰ :গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে আস্থা ভোটৰ জৰিয়তে সংখ্যা গৰিষ্ঠতাৰ প্ৰমাণ দিব লাগিব বিটিচিৰ নতুন মুৰব্বী প্ৰমোদ বড়োৱে ।

আস্থা ভোটৰ পূৰ্বে জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লুত উপস্থিত হৈ এক তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীয়ে । বিশ্বজিৎ দৈমাৰীৰ মতে প্ৰমোদ বড়োৰ সৈতে সংখ্যাগৰিষ্ঠতা আছে । ২১ গৰাকী পাৰিষদৰ সমৰ্থন লাগে যদিও বৰ্তমান ২৪গৰাকী পাৰিষদৰ সমৰ্থন আছে । কাইলৈ নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব প্ৰমোদ বড়োৱে ।

বিটিচি সন্দৰ্ভত ন্যায়ালয়ৰ ৰায়ত অসন্তুষ্ট বিশ্বজিৎ দৈমাৰী

ইফালে বিটিচিৰ প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰীৰ আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া ৰায়ক সমালোচনা বিশ্বজিৎ দৈমাৰীৰ । বিশ্বজিৎ দৈমাৰীয়ে কয় যে, " আদালত এতিয়া নিজেই কনফিউজড, কাৰণ বিটিচিৰ নিয়ম-নীতি কাৰ্বি আংলং নাইবা উত্তৰ কাছাৰ পাহাৰীয়া জিলাতকৈ পৃথক । প্ৰমোদ বড়োয়ে বিটিচি প্ৰধান হিচাপে শপত লোৱাটো এতিয়ালৈকে অগ্ৰাহ্য কৰা নাই ন্যায়ালয়ে ।"

ইপিনে আইনজ্ঞসকলকো একপ্ৰকাৰে সমালোচনা কৰিলে প্ৰাক্তন বিপিএফ নেতা বিশ্বজিৎ দৈমাৰীয়ে ।


লগতে পঢ়ক:10 মিনিটৰ বাবে গ্ৰীণ কৰিডৰলৈ ৰূপান্তৰ হ‘ল শিলচৰৰ ৰাজপথ

ABOUT THE AUTHOR

...view details