অসম

assam

ETV Bharat / state

Usha Mangeshkar in Guwahati: অসমীয়া গীতৰ কলি আওৰাই নষ্টালজিক ঊষা মংগেশকাৰ - Renown Singer Usha Mangeshkar

"অসম মানে দাদা, দাদা মানেই অসম ৷ অসমে মোক কেতিয়াও নাপাহৰে আৰু মইও অসমক কেতিয়াও নাপাহৰো ৷ অসম মোৰ দ্বিতীয়খন ঘৰ । অসমে মোক যেতিয়াই বিচাৰিব তেতিয়াই মই অসমলৈ আহিম ৷" মঙলবাৰে গুৱাহাটীৰ গণেশগুৰিস্থিত নেডফি হাউচ প্ৰেক্ষাগৃহত অসম সাহিত্য সভাৰ উদ্যোগত আৰু নুমলীগড় শোধানাগাৰৰ সহযোগত ড৹ ভূপেন হাজৰিকা আন্তৰ্জাতিক সমন্বয় বঁটা ২০২২ গ্ৰহণ (Bhupen Hazarika International Coordination Award ) কৰি এইদৰে মন্তব্য কৰে যশস্বী কন্ঠশিল্পী ঊষা মংগেশকাৰে ৷

Bhupen Hazarika International Coordination Award to Usha Mangeshkar
Usha Mangeshkar in Guwahati: অসমীয়া গীতৰ কলি আওৰাই নষ্টালজিক হৈ পৰে যশস্বী কন্ঠশিল্পী ঊষা মাংগেষকাৰ

By

Published : Nov 22, 2022, 8:32 PM IST

গুৱাহাটী, 22 নৱেম্বৰ: অসম দেশৰ বাগিচাৰে ছোৱালী.......অসমীয়া গানেৰে অসমবাসীক সম্বোধন যশস্বী কন্ঠশিল্পী ঊষা মংগেশকাৰৰ (Singer Usha Mangeshkar)৷

অসম দেশৰ বাগিচাৰে ছোৱালী, ঝুমুৰ তুমুৰ নাচি কৰো ধেমালি...

"অসম মানে দাদা, দাদা মানেই অসম ৷ অসমে মোক কেতিয়াও নাপাহৰে আৰু মইও অসমক কেতিয়াও নাপাহৰো ৷ অসম মোৰ দ্বিতীয়খন ঘৰ । অসমে মোক যেতিয়াই বিচাৰিব তেতিয়াই মই অসমলৈ আহিম ৷" মঙলবাৰে গুৱাহাটীৰ গণেশগুৰিস্থিত নেডফি হাউচ প্ৰেক্ষাগৃহত অসম সাহিত্য সভাৰ উদ্যোগত আৰু নুমলীগড় শোধানাগাৰৰ সহযোগত ড৹ ভূপেন হাজৰিকা আন্তৰ্জাতিক সমন্বয় বঁটা ২০২২ গ্ৰহণ (Bhupen Hazarika International Coordination Award ) কৰি এইদৰে মন্তব্য কৰে যশস্বী কন্ঠশিল্পী ঊষা মংগেশকাৰে ৷

এই বঁটা প্ৰদান অনুষ্ঠানত অসমৰ ৰাজ্যপাল প্ৰফেছাৰ জগদীশ মুখীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক এই বঁটা প্ৰদান কৰে । এই বঁটাত আছে প্ৰশস্তি পত্ৰ, ফুলাম জাপি, এটি স্মাৰক, এখন এৰি চাদৰ আৰু ৫ লাখ টকাৰ চেক ৷

অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ আদৰণি ভাষণৰে আৰম্ভ হোৱা অনুষ্ঠানটোত বিশিষ্ট কন্ঠশিল্পী তৰালী শৰ্মাই বৰগীত পৰিৱেশন কৰে (Usha Mangeshkar in Guwahati) । অনুষ্ঠানত মঞ্জু বৰাৰ পৰিচালনাত সাহিত্য সভাৰ যাত্ৰাক লৈ নিৰ্মাণ হোৱা ছুটি ছবিখন উদ্বোধন কৰে ঊষা মংগেশকাৰে । আনহাতে অসম সাহিত্য সভা শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে ৰাজ্যপাল প্ৰফেছাৰ জগদীশ মুখীয়ে ৷

অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মা , ভাৰতীয় ষ্টেট বেংকৰ মুখ্য মহাপ্ৰবন্ধক অৰবিন্দ কুমাৰ সিং আৰু নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকন ৷

উল্লেখ্য যে অসম সাহিত্য সভাই নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ সহযোগত ড৹ ভূপেন হাজৰিকা আন্তৰ্জাতিক সমন্বয় বঁটা প্ৰতি দুবছৰৰ মূৰে মূৰে আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ব্যক্তি বিশেষলৈ আগবঢ়াই আহিছে । ২০১৩ চনত প্ৰথমবাৰলৈ এই বঁটা প্ৰদান কৰা হয় বাংলাদেশৰ প্ৰথিতযশা গৱেষক পণ্ডিত নৃত্য পটিয়সী লুবনা মৰিয়মক ৷ ২০১৫ চনত এই বঁটা আন্তৰ্জাতিক খ্যাতি সম্পন্ন পৰিচালক আদুৰ গোপাল কৃষ্ণন , ২০১৭ চনত আন্তৰ্জাতিক খ্যাতি সম্পন্ন চলচিত্ৰ নিৰ্মাতা শ্ৰীলংকাৰ প্ৰসন্ন ভিট্টানাগে আৰু ২০১৯ চনত ছিংগাপুৰৰ চিত্ৰ নিৰ্মাতা এৰিক খোক এই বঁটা প্ৰদান কৰা হৈছিল ৷

লগতে পঢ়ক: Inquiry order by Assam Govt: মুক্ৰ’ৰ হিংসাত্মক ঘটনাৰ ন্যায়িক তদন্ত ঘোষণা অসম চৰকাৰৰ

ABOUT THE AUTHOR

...view details