গুৱাহাটী, ২২ ছেপ্টেম্বৰ :"আমি ইতিমধ্যে অসমত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে FIR দাখিল কৰিছোঁ । আপুনি বা মধ্যপ্ৰদেশ কংগ্ৰেছৰ আইন বিভাগক আপোনাৰ ৰাজ্যতো একে পদক্ষেপ ল’বলৈ অনুৰোধ জনাইছোঁ ।" এইদৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ তৰিবলৈ নিৰ্বাচন আসন্ন মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছ নেতা কমল নাথলৈ পত্ৰযোগে আহ্বান জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই ৷
উল্লেখ্য যে যোৱা ১৮ ছেপ্টেম্বৰত মধ্যপ্ৰদেশৰ বিদিশা জিলাত এখন জনসভাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা কমল নাথক উদ্দেশ্য কৰি বিতৰ্কিত মন্তব্য কৰি ১০ জনপথ জ্বলাই দিবলৈ আহ্বান জনাইছিল ৷ এই ১০ নম্বৰ পথতেই বাস কৰে কংগ্ৰেছ নেত্ৰী ছোনীযা গান্ধী । ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যই যথেষ্ট বিতৰ্কৰ সূত্ৰপাত ঘটাছিল ৷ অসমতো এই প্ৰসংগত জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই নাজিৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ।
এতিয়া একেই পদক্ষেপ ল’বলৈ মধ্যপ্ৰদেশ কংগ্ৰেছৰ প্ৰবীণ নেতা কমল নাথলৈ অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰিছে APCC-ৰ সভাপতি ভূপেন বৰাই ৷ পত্ৰখনৰ আৰম্ভণিতে ভূপেন বৰাই লিখিছে, "সন্মানীয় কমল নাথ ডাঙৰীয়া, এইটো আপোনাৰ নিশ্চয় জ্ঞাত যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিয়মিতভাৱে সাম্প্ৰদায়িক বক্তব্য আগবঢ়োৱাৰ বাবে পৰিচিত ৷ যোৱা সোমবাৰ, ১৮ ছেপ্টেম্বৰ তাৰিখে মধ্যপ্ৰদেশৰ বিদিশা জিলাত তেওঁ কৈছে— 'মই কমল নাথক প্ৰত্যাহ্বান জনাব খুজিছোঁ, যদিহে আপুনি এগৰাকী হনুমান ভক্ত, হনুমানে লংকা জ্বলাইছিল, আপুনিও ১০ জনপথ জ্বলোৱা উচিত ।'