অসম

assam

ETV Bharat / state

যুৱক নিৰুদ্দেশঃ আটক ভূতনাথৰ 2 চণ্ডাল

মহানগৰীৰ ভূতনাথত চাঞ্চল্যকৰ ঘটনা । যোৱা ১৫ তাৰিখে বিয়লি ভূতনাথ শ্মশান আহিছিল যোৰহাটৰ অসীম বৰুৱা নামৰ যুৱকজন । শ্মশানত এজন চণ্ডালৰ লগত বাক-বিতণ্ডাত লিপ্ত হৈছিল যুৱকজন । ম’বাইলৰ বাবে চণ্ডালৰ লগত মতানৈক্যত লিপ্ত হৈছিল যুৱকজন ৷ যুৱক জনক হত্যা কৰাৰ সন্দেহ ৷

By

Published : Jul 18, 2019, 3:20 PM IST

ভূতনাথত চাঞ্চল্যকৰ ঘটনাঃ আটক দুগৰাকীকৈ চণ্ডাল

গুৱাহাটী, 18 জুলাইঃঅসীম বৰুৱা নামৰ যুৱকজনৰ নিৰুদ্দেশ হোৱা ঘটনাক লৈ মহানগৰীৰ ভূতনাথৰ চাণ্ডালৰ বিস্ফোৰক স্বীকাৰোক্তি ৷ ম’বাইলৰ বাবে কাজিয়া হৈছিল অসীমৰ সৈতে ।
ভৰলুমুখ আৰক্ষীয়ে পৰিয়ালৰ এজাহাৰ ভিত্তিত ৩৪১/২০১৯ নম্বৰত এটা গোচৰ ৰুজু কৰি আটক কৰে ভূতনাথৰ পৰা দুজনকৈ চণ্ডালক ৷ আটকাধীন চাণ্ডাল দুজন হৈছে ভগীৰথ সৰকাৰ আৰু নৱ দাস ।

ভূতনাথত চাঞ্চল্যকৰ ঘটনাঃ আটক দুগৰাকীকৈ চণ্ডাল

আটকাধীন চণ্ডাল দুজন আৰক্ষীৰ জেৰাত যুৱকজন ব্ৰহ্মপুত্ৰত পৰি যোৱাৰ কথা স্বীকাৰ কৰে । যুৱকজনৰ সৈতে ভগীৰথ সৰকাৰৰ সৈতে হোৱা কাজিয়াই এটা সময়ত লয় ভয়ংকৰ ৰূপ । আটকাধীন চণ্ডাল ভগীৰথ সৰকাৰৰ স্বীকাৰোক্তিৰ ভিত্তিতেই বৃহস্পতিবাৰে ব্ৰহ্মপুত্ৰত SDRF-NDRF বাহিনীয়ে অভিযান চলায় । কিন্তু অভিযানত বস্তাত ভৰাই থোৱা অৱস্থাত এগৰাকী যুৱতীৰ মৃতদেহহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । বৰ্তমানলৈ পৰিচয় জানিব পৰা হোৱা নাই উদ্ধাৰ হোৱা মৃত যুৱতীগৰাকীৰ । দুয়োটা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ক্ষীপ্ৰতাৰে চলাই আছে তদন্ত ।

ABOUT THE AUTHOR

...view details