গুৱাহাটী, 10 আগষ্ট:COVID-19 ত আক্ৰান্ত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ৷ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ দেহত ধৰা পৰিল কৰ'ণাৰ অৱস্থিতি ৷ শৰীৰত কৰ'ণাৰ কোনো লক্ষণ নাছিল আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ । ৰেপিড এণ্টিজেন পৰীক্ষাতহে তেওঁৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ অৱস্থিতি । বৰ্তমান হোম আইচ'লেশ্যনত ৰখা হৈছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীক ৷ আনহাতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীৰ গাড়ী চালক গৰাকীৰ দেহতো পোৱা গৈছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷
COVID-19 ত আক্ৰান্ত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত
ভাস্কৰজ্যোতি মহন্ত
16:05 August 10
পুনৰ অসম আৰক্ষীত COVID-19 ৰ সংক্ৰমণ ৷ এইবাৰ স্বয়ং অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত আক্ৰান্ত হৈছে COVID-19 ত ৷ সম্প্ৰতি হোম আইচ'লেশ্যনত ৰখা হৈছে আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীক ৷ তেওঁৰ গাড়ী চালক গৰাকীৰ দেহতো পোৱা গৈছে কৰ'ণাৰ অৱস্থিতি ৷
Last Updated : Aug 10, 2020, 5:19 PM IST