গুৱাহাটী, 25 জুনঃগুৱাহাটী মহানগৰীত আংশিক লক্ ডাউন চলি থকাৰ সময়তে, কৰ'ণা সম্বন্ধীয় নীতি-নিয়ম মানি নচলাৰ অভিযোগত বৃহস্পতিবাৰে, অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হ'ল বেলতলা বজাৰ ৷ বজাৰখনত অহা লোককে ধৰি একাংশ ব্যৱসায়ীয়ে সামাজিক দূৰত্ব নমনাকে ধৰি মাস্ক পৰিধান নকৰাও পৰিলক্ষিত হোৱাৰ পৰিপ্ৰেক্ষিতত, জিলা দণ্ডাধীশে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এক নিৰ্দেনাৰ প্ৰদান কৰে ৷
অনিৰ্দিষ্ট কাললৈ বন্ধ বেলতলা সাপ্তাহিক বজাৰ - বেলতলা বজাৰ
বৃহস্পতিবাৰে দিছপুৰ আৰু বশিষ্ঠ আৰক্ষী চকীৰ সহযোগত বেলতলা সাপ্তাহিক বজাৰখন বন্ধ কৰে জিলা প্ৰশাসনে ৷ কৰ'ণা সম্বন্ধীয় নীতি-নিয়ম মানি নচলাৰ অভিযোগত বজাৰখন বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰে জিলা দণ্ডাধীশে ৷
beltola market closed by district administration by order of district magistrate
এনে অসচেতনতাৰ ফলত যাতে সাধাৰণ লোকৰ মাজত সংক্ৰমণ নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি, অনিৰ্দিষ্ট কাললৈ বেলতলা বজাৰ বন্ধ ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰা হয় ৷ দণ্ডাধীশে প্ৰদান কৰা নিৰ্দেশ অনুযায়ী বৃহস্পতিবাৰে দিছপুৰ আৰু বশিষ্ঠ আৰক্ষী চকীৰ সহযোগত সাপ্তাহিক বজাৰখন বন্ধ কৰে জিলা প্ৰশাসনে ৷
লগতে পঢ়কঃদেশজুৰি ৭৫ লাখ লোকৰ কোভিড-১৯ পৰীক্ষা সম্পন্নঃ ভাৰতীয় স্বাস্থ্য গৱেষণা সংস্থা