অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰী আঠ নম্বৰৰ সন্তান, হিমন্ত চাৰি নম্বৰৰ: আজমল - child policy of Assam Government today's news

কেৱল দুটা সন্তানৰ ধাৰণা থাকিলে আমি প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বা হিমন্ত বিশ্ব শৰ্মাক নেতা হিচাপে লাভ নকৰিলো হয় ৷ অসম চৰকাৰে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত গ্ৰহণ কৰা সৰ্বাধিক দুই সন্তানৰ ধাৰণা সন্দৰ্ভত এই মন্তব্য এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ

দুই সন্তানৰ ধাৰণা সন্দৰ্ভত বদৰুদ্দিন আজমলৰ মন্তব্য

By

Published : Oct 27, 2019, 7:40 PM IST

নিউজ ডেক্স, 27 অক্টোবৰ : প্ৰধানমন্ত্ৰী নিজেই পাঁচ নম্বৰ বা ছয় নম্বৰৰ সন্তান ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল 8 নম্বৰৰ সন্তান, হিমন্ত বিশ্ব শৰ্মাও চাৰি বা পাঁচ নম্বৰৰ সন্তান ৷ কেৱল দুটা সন্তানৰ ধাৰণা থাকিলে আমি প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বা হিমন্ত বিশ্ব শৰ্মাক নেতা হিচাপে লাভ নকৰিলো হয় ৷ শেহতীয়াকৈ অসম চৰকাৰে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত গ্ৰহণ কৰা সৰ্বাধিক দুই সন্তানৰ ধাৰণা সন্দৰ্ভত এই মন্তব্য এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ ৷ চৰকাৰী চাকৰি পোৱা নোপোৱাক লৈ মুছলমানৰ একো ক্ষতি নহয় বুলি মন্তব্য কৰে আজমলে ৷ মুছলমানসকলক পঢ়ি শুনি ব্যৱসায় কৰি ডাঙৰ ডাঙৰ কোম্পানী খুলিবলৈও আহ্বান জনায় নেতাগৰাকীয়ে ৷ ইফালে, কেবিনেটৰ এই সিদ্ধান্তক ইছলামে মানি নলয় বুলি তেঁও উল্লেখ কৰে ৷ এই ধৰালৈ যিয়ে আহিব বিচাৰে তেঁও আহিবই বুলি মন্তব্য প্ৰদান কৰে আজমলে ৷ ‘মোহন ভাগৱতে সভাত দহটাকৈ সন্তান জন্ম দিবলৈ আহ্বান কৰে আনহাতে, তেঁওলোকৰ চৰকাৰে দুটা সন্তান জন্ম দিবলৈ আহ্বান জনায় ৷’ প্ৰথমতে নিজৰ ভিতৰতে কথাবোৰ ঠিক কৰি লওঁক বুলি কটাক্ষ কৰে বদৰুদ্দিন আজমলে ৷ উল্লেখ্য যে, শেহতীয়া অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তমৰ্মে চৰকাৰী চাকৰি পাবলৈ হ’লে দুটাতকৈ অধিক সন্তান থাকিব নোৱাৰিব ৷ 1 জানুৱাৰী 2021ৰ পৰা বলৱৎ হ’ব এই বিধেয়ক ৷

দুই সন্তানৰ ধাৰণা সন্দৰ্ভত বদৰুদ্দিন আজমলৰ মন্তব্য

ABOUT THE AUTHOR

...view details