অসম

assam

ETV Bharat / state

বাৰে বাৰে বলাৎকাৰ কৰা হৈছে ভাৰতীয় সংবিধান : আমিনুল ইছলাম - বাৰে বাৰে বলাৎকাৰ কৰা হৈছে ভাৰতীয় সংবিধান : আমিনুল ইছলাম

উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত অসমত ১৯৭১ চনৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম হোৱাৰ পিছত গৃহমন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক অস্বীকাৰ কৰি পুনৰ অসমত ১৯৫১ চনৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰাটো হৈছে অসম চুক্তিক অৱমাননা কৰা।

বাৰে বাৰে বলাৎকাৰ কৰা হৈছে ভাৰতীয় সংবিধান : আমিনুল ইছলাম

By

Published : Nov 22, 2019, 10:18 PM IST

গুৱাহাটী, 22 নৱেম্বৰঃদেশৰ সংবিধানক বাৰে বাৰে বলাৎকাৰ কৰা হৈছে । এই গুৰুতৰ অভিযোগ এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামৰ ৷ শুকুৰবাৰে গুৱাহাটীত দিয়া এক সংবাদমেলত এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে,বিজেপি চৰকাৰে দেশৰ গণতন্ত্ৰ নিঃশেষ কৰিবলৈ চেষ্টা চলাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সমগ্ৰ দেশতে ১৯৫১ চনৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰাৰ পিছতে দেশৰ ৰাজনৈতিক মহলত ইয়াৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েপশ্চিম বংগত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰোধিতা কৰাৰ পিছত শুকুৰবাৰে এ আই ইউ ডি এফ দলে ইয়াৰ বিৰোধিতা কৰে। এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে সংবিধান বিৰোধী কৰ্মৰ বাবে বৰ্তমান দেশৰ সংবিধানক বাৰে বাৰে বলাৎকাৰ কৰা হৈছে বুলি কয়।

বাৰে বাৰে বলাৎকাৰ কৰা হৈছে ভাৰতীয় সংবিধান : আমিনুল ইছলাম

উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত অসমত ১৯৭১ চনৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম হোৱাৰ পিছত গৃহমন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক অস্বীকাৰ কৰি পুনৰ অসমত১৯৫১ চনৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰাটো হৈছে অসম চুক্তিক অৱমাননা কৰা। দেশৰ সংবিধানত এগৰাকী ব্যক্তিক নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা আছে যদিও বিজেপিয়ে দেশৰ সংবিধান অৱমাননা কৰি কিছুমান হঠকাৰী সিদ্ধান্ত লৈছে। বিজেপিয়ে অসমৰ লগতে সমগ্ৰ দেশৰ মানুহৰ দৃষ্টি উন্নয়নমূলক কামৰ পৰা আঁতৰাই ৰাখিবলৈ বিভিন্ন সময়ত এনে ধৰণৰ বক্তব্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে বুলি মন্তব্য প্ৰকাশ কৰি বিজেপিক তীব্ৰ আক্ৰমণ কৰে আমিনুল ইছলামে। বিজেপিয়ে দেশৰ গণতন্ত্ৰ নিঃশেষ কৰাৰ ষড়যন্ত্ৰত উঠি পৰি লাগিছে বুলিও মন্তব্য প্ৰকাশ কৰে ইছলামে।

বাৰে বাৰে বলাৎকাৰ কৰা হৈছে ভাৰতীয় সংবিধান : আমিনুল ইছলাম
আনহাতে এন আৰ চিৰ পৰা বাদ পৰা ১৯ লাখ মানুহৰ ভিতৰত থকা হিন্দু মানুহখিনিক বিজেপিৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰাৰ চেষ্টা চলাইছে বুলিও অভিযোগ উত্থাপন কৰে ইছলামে। দেশৰ গণতন্ত্ৰ নিঃশেষ কৰি বিজেপিয়ে হিটলাৰী শাসন চলাইছে বুলিও কয় সংবাদমেলত।
গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে ক্ষোভ আমিনুল ইছলামৰ

লগতে জানিবলৈ চাওকঃগোলাঘাটত নাবালিকাক যৌন নিৰ্যাতন, নাহৰকটীয়াত পুনৰ জঘন্য ঘটনা

ABOUT THE AUTHOR

...view details