অসম

assam

ETV Bharat / state

গুৱাহাটীৰ ব্যৱসায়ীক গুলীয়াই হত্যাৰ চেষ্টা চলোৱা মূল অভিযুক্ত বিহাৰত গ্ৰেপ্তাৰ - ব্যৱসায়ী ত্ৰিভুবন গুপ্তা

২০১৮ চনৰ জানুৱাৰীত আঠগাঁৱৰ ব্যৱসায়ী ত্ৰিভুবন গুপ্তাক তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ চৌহদত গুলীয়াই হত্যাৰ চেষ্টা চলোৱা আদিত্য সিং ওৰফে নিৰজ সিঙক আটক ৷ পলাতক অৱস্থাত আছিল আদিত্য সিং ওৰফে নিৰজ সিং ৷

athgaon murder case accused arrested from bihar brought to guwahati
গুৱাহাটীৰ ব্যৱসায়ীক গুলীয়াই হত্যাৰ চেষ্টা চলোৱা মূল অভিযুক্ত বিহাৰত গ্ৰেপ্তাৰ

By

Published : Aug 27, 2021, 10:15 PM IST

গুৱাহাটী,২৭ আগষ্টঃ অৱশেষত গ্ৰেপ্তাৰ হ'ল গুৱাহাটীৰ ব্যৱসায়ীক গুলীয়াই হত্যা কৰাৰ চেষ্টা চলোৱা মূল অভিযুক্ত । ঘটনাটো ২০১৮ চনৰ আৰু অভিযুক্তজনক প্ৰেপ্তাৰ কৰা হৈছে বিহাৰত । ২০১৮ চনৰ জানুৱাৰীত আঠগাঁৱৰ ব্যৱসায়ী ত্ৰিভুবন গুপ্তাক তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ চৌহদত গুলীয়াই হত্যাৰ চেষ্টা চলাইছিল আদিত্য সিং ওৰফে নিৰজ সিং নামৰ লোকজনে ।

ঘটনাটো সংঘটিত কৰি পলাতক অৱস্থাত থকা মূল অভিযুক্তজনক বিহাৰত গ্ৰেপ্তাৰ কৰাৰ পাছত শুকুৰবাৰে গুৱাহাটীলৈ অনা হয় । উল্লেখ্য যে, আদিত্য সিং ওৰফে নিৰজ সিং নামৰ লোকজনৰ গুলীচালনাত ব্যৱসায়ী ত্ৰিভুবন গুপ্তা গুৰুতৰভাৱে আহত হৈছিল ।

লগতে পঢ়ক: সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ঘটনা সন্দৰ্ভত ভৰুলুমুখ আৰক্ষী থানাত ৰুজু কৰা গোচৰ নং ২৩/২০১৮ ইউ/এছ ৩২৬/৩০৭/১২০ (বি) আইপিচি আৰ/ডব্লিউ এছইচি ২৫ (১-এ)/২৭ অধীনত আৰক্ষীয়ে তদন্ত চলাই আছিল ।

অৱশেষত ঘটনাৰ মূল অভিযুক্ত আদিত্য সিং ওৰফে নিৰজ সিঙক বিহাৰৰ মিথানপুৰা আৰক্ষী থানাৰ গোচৰৰ ভিত্তিত মুজাফৰপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । ঘটনা সন্দৰ্ভত বিহাৰ আৰক্ষী থানাৰ সৈতে যোগাযোগ কৰি পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ এটা আৰক্ষীৰ দলে ২২ আগষ্টত মুজাফৰপুৰলৈ গৈ অভিযুক্ত আদিত্য সিং ওৰফে নিৰজ সিঙক নিজৰ অধীনত লৈ গুৱাহাটীলৈ অনা হয় ।

লগতে পঢ়ক: উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো সৰ্ববৃহৎ জাৱৰ নিষ্কাষণ প্ৰকল্প উদ্বোধন

ABOUT THE AUTHOR

...view details