অসম

assam

গুৱাহাটী বিশ্ববিদ্যালয়ত আছুৰ কাৰ্যনিৰ্বাহক সভা

By

Published : Feb 27, 2020, 4:25 PM IST

গুৱাহাটী বিশ্ববিদ্যালয়স্থিত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা ৷ সভাত উপস্থিত আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচাৰ্য, সভাপতি দীপাংকৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ ৷

ASSU administrative Meeting at Guwahati University
গুৱাহাটী বিশ্ববিদ্যালয়ত আছুৰ কাৰ্যনিৰ্বাহক সভা

গুৱাহাটী, 27 ফেব্ৰুৱাৰী: বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটী বিশ্ববিদ্যালয়স্থিত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা । ৰাজ্যৰ শেহতীয়া বহুকেইটা বিষয়ৰ ওপৰত আলোচনা কৰা হ'ব এই সভাত । বিশেষকৈ এইসভাখনত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ কিদৰে আগবঢ়াব তাৰ বিষয়েও গুৰুত্বপূৰ্ণ আলোচনা হ'ব । তাৰোপৰি নতুন ৰাজনৈতিক দল গঠন সন্দৰ্ভতো আলোচনা কৰাৰ সম্ভাৱনা আছে । যাৰ বাবে আছুৰ এই সভাই অধিক তাৎপৰ্য বহন কৰিছে । এই সভাত আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচাৰ্য, সভাপতি দীপাংকৰ নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ লগতে সকলো কাৰ্যনিৰ্বাহক সদস্য উপস্থিত হৈছে ।

গুৱাহাটী বিশ্ববিদ্যালয়ত আছুৰ কাৰ্যনিৰ্বাহক সভা

উল্লেখযোগ্য যে ৰাজনৈতিক দল গঠন সন্দৰ্ভত আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচাৰ্যই কোনো স্পষ্ট মত প্ৰকাশ নকৰিলে । কেৱল কা' বিৰোধী আন্দোলন তীব্ৰতৰ কৰাৰ ক্ষেত্ৰত কেনে পদক্ষেপ লোৱা হ'ব সেই বিষয়ে আলোচনা হোৱাৰ কথা উল্লেখ কৰে মুখ্য উপদেষ্টাগৰাকীয়ে । তাৰোপৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম সাহিত্য সভা আদিৰ দৰে জাতীয় সংগঠনৰ লগতো আলোচনা কৰিব বুলিও জানিবলৈ দিয়ে ভট্টাচাৰ্যই ।

আনহাতে শুকুৰবাৰে অনুষ্ঠিত হ'ব প্ৰতিনিধি সভা । আজি গ্ৰহণ কৰা প্ৰস্তাৱসমূহ সেই প্ৰতিধিনি সভাতে চূড়ান্ত কৰা হ'ব ।

ABOUT THE AUTHOR

...view details