গুৱাহাটী, ৩১ আগষ্ট:চাৰিদিনীয়া কাৰ্যক্ৰমণিকাৰে সোমবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বৰ্ষাকালীন অধিবেশন । COVID প্ৰট'কল মানি চলি মাত্ৰ ৫০ শতাংশ বিধায়কৰ উপস্থিতিত অধিবেশন অনুষ্ঠিত হয় । কিন্তু অধিবেশনৰ প্ৰথম দিনটোতে বিৰোধী দল কংগ্ৰেছ আৰু এ আই ইউ ডি এফে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ এবছৰ পূৰ্ণ হোৱা স্বত্বেও চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰাৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
ইপিনে সদনৰ মজিয়াত কৰ'ণা পৰিস্থিতিক লৈ চৰকাৰে ৰাজনীতি কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি দুয়োটা বিৰোধী দলে সভা স্থগিত কৰাৰ প্ৰস্তাৱ উত্থাপন কৰে যদিও, অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে সেই প্ৰস্তাৱ নাকচ কৰে । অধ্যক্ষৰ এনে স্থিতিত ক্ষুব্ধ হৈ সদন ত্যাগ কৰে বিৰোধী দল কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বিধায়কসকলে ।
ইপিনে, প্ৰশ্নোত্তৰ কালত কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰি কয় যে যেতিয়া ৰহাত "এইমছ" স্থাপন হ'ব লাগে বুলি আন্দোলন চলিছিল, তেতিয়া সেই আন্দোলনত প্ৰাণ হেৰুওৱা দুৰ্ভগীয়াৰ পৰিয়ালৰ সদস্যক চৰকাৰে চাকৰি দিয়াৰ কথা ঘোষণা কৰিছিল । কিন্তু আজিকোপতি সেয়া হৈ নুঠিল । ইয়াকে লৈ একপ্ৰকাৰ উত্তেজিত হৈ পৰে বিধায়ক গৰাকী । অৱশেষত অধ্যক্ষই মাৰ্ছালৰ জড়িয়তে বিধায়ক ৰূপজ্যোতি কুৰ্মীক সদনৰ পৰা উলিয়াই পঠিয়ায় আৰু দিনটোৰ বাবে তেওঁক সদনৰ পৰা বহিস্কাৰ কৰা বুলি ঘোষণা কৰে ।
বিধানসভা অধিবেশন: প্ৰথমটো দিনতে সদনৰ পৰা বহিস্কৃত ৰূপজ্যোতি কুৰ্মী - assembly session starts from monday
৫০ শতাংশ বিধায়কৰে আৰম্ভ বিধানসভাৰ অধিবেশন ৷ কিন্তু অধিবেশনৰ প্ৰথমটো দিনতে দিনটোৰ বাবে সদনৰ পৰা বহিস্কৃত কৰা হ'ল মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক ৷
সদনৰ পৰা বহিস্কৃত ৰূপজ্যোতি কুৰ্মী