গুৱাহাটী, 3 অক্টোবৰ: শেহতীয়াকৈ মুক্তি লাভ কৰিছিল জ্যেষ্ঠ অভিনেতা তথা প্ৰয়াত পৰিচালক নিপন গোস্বামীৰ পৰিচালিত ছবি 'ডক্তৰ বেজবৰুৱা 2' ৷ এই ছাচপেন্স থ্ৰিলাৰ ছবিখন এই বৰ্ষৰ ৩ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিছিল । এইখন ১৯৬৯ চনত মুক্তি পোৱা ব্ৰজেন বৰুৱাৰ ডক্তৰ বেজবৰুৱাৰ চিকুৱেল । ডক্তৰ বেজবৰুৱাত নিপন গোস্বামীয়ে ডক্তৰ বেজবৰুৱাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল আৰু ডক্তৰ বেজবৰুৱা 2 ত ডক্তৰ বেজবৰুৱাৰ চৰিত্ৰত অভিনয় কৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমৰ প্ৰখ্যাত অভিনেতা আদিল হুছেইনে ৷ ডক্তৰ বেজবৰুৱা 2 ছবিখন বক্স অফিচত হিট ৰূপে পৰিগণিত হৈছে ৷ এতিয়া এই ছবিখনে অসমলৈ কঢ়িয়াই আনিছে গৌৰৱ ৷
ডক্তৰ বেজবৰুৱা ২’ লৈ সন্মান ৰাজস্থান ফিল্ম ফেষ্টিভেলত উজলিল ‘ডক্তৰ বেজবৰুৱা ২’। চলিত বৰ্ষৰ মুক্তি লাভ কৰা 'ডক্তৰ বেজবৰুৱা ২’লৈ আগবঢ়োৱা হয় এক বিশেষ সন্মান । ৰাজস্থান ফিল্ম ফেষ্টিভেলত দুটাকৈ সন্মান বুটলিবলৈ সক্ষম হৈছে ছবিখনে । বিশিষ্ট অভিনেতা আদিল হুছেইনলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান আৰু জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গলৈ শ্ৰেষ্ঠ সহঃ অভিনেতাৰ সন্মান আগবঢ়োৱা হৈছে । ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত হৈছিল এই ফিল্ম ফেষ্টিভেল ।
ডক্তৰ বেজবৰুৱা ২’ লৈ সন্মান উল্লেখ্য যে, ড৹ সঞ্জীৱ নাৰায়ণৰ প্ৰযোজনাত নিৰ্মিত ছবি 'ডক্তৰ বেজবৰুৱা ২' ভাৰতৰ বিভিন্ন চহৰৰ আঠটা প্ৰেক্ষাগৃহৰ লগতে ১৪২ খন পৰ্দাত মুক্তি লাভ কৰিছিল । মুক্তিৰ পিছতেই ছবিখনে দৰ্শকৰ মাজত অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল । বিশিষ্ট অভিনেতা প্ৰয়াত নিপন গোস্বামীৰ পৰিচালিত ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা আদিল হুছেইনে । লগতে ছবিখনত এগৰাকী তদন্তকাৰী আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছিল জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে । লগতে ছবিখনত অভিনয় কৰিছিল সিদ্ধার্থ নিপন গোস্বামী, কিংকিনী, পার্থসাৰথি মহন্ত, অৰুণ হাজৰিকা সহিতে বহু কলা-কুশলীয়ে ।
ডক্তৰ বেজবৰুৱা ২’ লৈ সন্মান উল্লেখ্য যে, এই ছবিখন আছিল নিপন গোস্বামীয়ে একক ভাৱে পৰিচালনা কৰা প্ৰথম ছবি ৷ অৱশ্যে ইয়াৰ পূৰ্বে তেখেতে মুনিন বৰুৱাৰ লগত যৌথভাৱে ‘প্ৰতিমা’ নামৰ বোলছবিখন পৰিচালনা কৰিছিল । ডক্তৰ বেজবৰুৱা ২ ছবিখন তেখেতে কেৱল পৰিচালনা কৰাই নহয়, এই ছবিখনত তেখেতে অভিনয়ো কৰিছিল ৷ এয়াই আছিল তেখেতৰ অন্তিমখন ছবি ৷
লগতে পঢ়ক:Pratima Barua Pandey Birth anniversary: গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি জন্মদিন