গুৱাহাটী, ২০ নৱেম্বৰ :পশুপ্ৰেমী সকললৈ সু-খবৰ । অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন আলহী । পোন প্ৰথমবাৰৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত জন্ম হৈছে এটা জিৰাফৰ পোৱালী । জানিব পৰা মতে, ১৬ নৱেম্বৰত জন্ম হৈছে এই মাইকী জিৰাফৰ পোৱালীটো ।
দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এক ফটো শ্বেয়াৰ কৰি অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত জিৰাফৰ জন্মৰ কথা সদৰী কৰে । লগতে তেওঁ ৰাইজক জিৰাফৰ পোৱালীটো নাম শ্বেয়াৰ কৰিবলৈ সকলোকে আহ্বান জনায় । ৰাজ্যিক চিৰিয়াখানাত বিজয়া নামৰ জিৰাফটোৱে এই পোৱালী জন্ম দিয়ে ।
উল্লেখ্য যে, পশু বিনিময় কাৰ্যসূচীৰ অধীনত বিজয়াক বিগত বছৰ পাটনাৰ পৰা অনা হৈছিল । বন সংমণ্ডল বিষয়া (ডিএফঅ’) অশ্বিনী কুমাৰে কয় যে ৰাজ্যত প্ৰথমবাৰৰ বাবে জিৰাফৰ জন্ম হৈছে । বৰ্তমান পোৱালী আৰু মাকো সুস্থ হৈ আছে ৷