অসম

assam

ETV Bharat / state

ছাত্ৰী নিৰ্যাতনৰ ঘটনাঃ ক্লুৰ অভাৱত তদন্তত বাধা - ছাত্ৰী

গুৱাহাটীৰ বিশ্ববিদ্যালয় চৌহদত সংঘটিত ছাত্ৰী নিৰ্যাতনৰ ঘটনাক লৈ আৰক্ষী বিপাঙত পৰিছে । উপযুক্ত সাক্ষীৰ অভাৱত তদন্ত প্ৰক্ৰিয়াত বাধা আহি পৰিছে । কিন্তু উক্ত ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

গুৱাহাটীত ছাত্ৰী নিৰ্যাতনৰ ঘটনাৰ তদন্তত বাধাঃ আৰক্ষী আয়ুক্ত

By

Published : Jun 18, 2019, 6:05 PM IST

গুৱাহাটী, ১৮জুনঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত সংঘটিত ছাত্ৰী নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ৰ গুৰুত্বপূৰ্ণ মন্তব্য । পৰ্যাপ্ত ক্লুৰ অভাৱত বাধাৰ সন্মুখীন হৈছে আৰক্ষী ।

গুৱাহাটী বিশ্ববিদ্যালয় আৰু লংকেশ্বৰত সংঘটিত জঘন্য ঘটনা সন্দৰ্ভত মন্তব্য যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ৰ । পৰ্যাপ্ত ক্লুৰ অভাৱত বাধা আহি পৰিছে তদন্ত প্ৰক্ৰিয়াত । ভুক্তভোগীয়ে ঘটনাৰ বিশেষ বিৱৰণি আগবঢ়াব পৰা নাই আৰক্ষীক। তাৰোপৰি ঘটনা সংঘটিত হোৱা স্থানত চিচি টিভি কেমেৰা নাছিল বাবেও আৰক্ষীয়ে দুৰ্বৃত্তৰ সন্ধান উলিয়াব পৰা নাই । উল্লেখযোগ্য যে, বিভিন্ন পক্ষৰ লগত আলোচনা কৰি মহানগৰ আৰক্ষীয়ে তদন্ত চলাই আছে বুলি জানিবলৈ দিয়ে যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ে । আনহাতে জালুকবাৰী আদাবাৰী বাছ আস্থানত চলি থকা ছিণ্ডিকেটৰ ক্ষেত্ৰত কঠোৰ হ'ব বুলিও কয় যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে ।

গুৱাহাটীত ছাত্ৰী নিৰ্যাতনৰ ঘটনাৰ তদন্তত বাধাঃ আৰক্ষী আয়ুক্ত

লগতে আন এটা বাতৰি - অন্ধকাৰ ৰেল, ভয়ত বিতত হ'ল যাত্ৰী

ABOUT THE AUTHOR

...view details