অসম

assam

ETV Bharat / state

5 বজালৈ শীৰ্ষ দহটা বাতৰি

5 বজালৈ শীৰ্ষ দহটা বাতৰি-

শীৰ্ষ দহটা বাতৰি
শীৰ্ষ দহটা বাতৰি

By

Published : Jul 10, 2020, 4:59 PM IST

5 বজালৈ শীৰ্ষ দহটা বাতৰি-

গুৱাহাটী মহানগৰী এতিয়া কোভিডৰ হটস্পট । সমগ্ৰ অসমতে এতিয়া গুৱাহাটীৰ বাসিন্দা "এঘৰীয়া" । প্ৰায় সকলো জিলাতে গুৱাহাটীৰ পৰা যোৱা লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে । সাধাৰণ জনতাৰ লগতে দিছপুৰৰ ৰজাঘৰতো দংশন কৰিছে মহামাৰী কোভিডে ।

2021 চনৰ বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ সময়তে ৰাজ্যত ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে । পিছ পৰি ৰোৱা নাই আম আদমী পাৰ্টীও । শুকুৰবাৰে মৰিগাঁৱত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় দলটোৰ কাৰ্যালয় ।

জোনাইৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অৰুণাচল সীমান্তলৈ যোৱা তাকে তিনিআলিৰ কাষৰ গড়কাপ্তানি পথৰ ওপৰেৰে নাহৰ নলাৰ বাঢ়নী পানীয়ে পথ খহাই নিয়াত বিগত কেবাদিনৰ পৰা ৰাইজে বিপদজনকভাৱে যোগাযোগ অব্যাহত ৰাখিছে ৷ ইফালে ৰাকুট কেমেৰেত চিলে নদীৰ বানে চিঙি পেলাইছে মথাউৰি ৷

শুকুৰবাৰে যোৰহাটৰ লুখুৰাসন গাঁওস্থিত কৃষক নেতা অখিল গগৈৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ মাতৃৰ স্বাস্থ্য সম্পৰ্কে বুজ লয় ৰূপহীহাটৰ সমষ্টিৰ বিধায়ক নুৰুল হুদাই ৷

চিৰাঙত বান পৰিস্থিতি ভয়ানক। কেবাদিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ভূটানৰ পৰা নামি অহা পানীৰ ফলত জিলাখনৰ কেবাখনো নদীৰ পানী বিপদসীমাৰ ওপৰত বৈছে । শতাধিক গাঁও প্লাৱিত । কেবাটাও বান্ধ ভাঙি ক্ষতিগ্ৰস্ত কেবাহেজাৰ লোক।

নেপালৰ শাসকীয় কমিউনিষ্ট পাৰ্টীয়ে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ ৰাজনৈতিক ভৱিষ্যতক লৈ দলটোৰ মাজত চলি থকা সংঘৰ্ষৰ বিষয়ে আলোচনা কৰিবলৈ আয়োজন কৰিবলগীয়া বৈঠক শুকুৰবাৰে পুনৰ এবাৰ স্থগিত কৰা হয় । দেশখনত বানৰ প্ৰকোপৰ ফলত এসপ্তাহলৈ পিছুৱাই দিয়া হয় বৈঠকখন ।

কানপুৰ এনকাউণ্টাৰত অভিযুক্ত মূল অপৰাধী বিকাশ ডুবেৰ মৃত্যুৰ পাচতে তেওঁৰ লগত সম্পৰ্ক থকা লোকসকলৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব ইয়াকে লৈ প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাই।

জম্মু-কাশ্মীৰৰ ৰাজৌৰি জিলাত পাক সেনাৰ আক্ৰমনত নিহত হয় চম্বুৰ গুৰুং নামৰ এজন ভাৰতীয় সেনা ।

ক'ৰণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত সংকটজনক অৱস্থাৰ ৰোগীৰ চিকিৎসাৰ বাবে শ্বেৰ এ কাশ্মীৰ ইনষ্টিটিউট অৱ মেডিকেল চাইন্সে কেন্দ্ৰীয় চৰকাৰ তথা আইচিএমআৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত Convalescent Plasma Therapy (CPT)ত গুৰুত্ব দিছে ৷

শ্বামীয়ে শেহতীয়াকৈ কয় যে,মহানগৰীত বাস কৰা অন্যান্য ভাৰতীয় খেলুৱৈত কৈ লক্ ডাউনত তেওঁ এটি সুবিধা অধিক লাভ কৰিবলৈ সক্ষম হৈছে । সাহসপুৰৰ নিজৰ পৈতৃক ঘৰত শ্বামীয়ে নিয়মিত নেট প্ৰশিক্ষণ কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি সেইখন সকলো সুবিধাযুক্ত এখন মিনি ক্ৰিকেট গ্ৰাউণ্ড বুলি কয় ।

ABOUT THE AUTHOR

...view details