অসম

assam

ETV Bharat / state

Toll gates in Assam: এবছৰত টোলগেটৰ যোগেদি অসমৰ পৰা সংগ্ৰহ ৪৬৬ কোটি টকা

কৰ সংগ্ৰহৰ লক্ষ্যৰে অসমত এখনৰ পাছত আনখনকৈ টোলগেট স্থাপন কৰিছে চৰকাৰে। ৰাজ্যত বৰ্তমান কাৰ্যকৰী হৈ থকা ৯খন টোলগেটৰ যোগেদি এবছৰত কেন্দ্ৰই সংগ্ৰহ কৰিলে ৪৬৫.৯০ কোটি টকা । পুনৰ ১৮খন কৈ টোলগেট স্থাপনৰ পদক্ষেপ চৰকাৰৰ । অসমত নিয়ম ভংগ কৰি স্থাপন কৰা হৈছে টোলগেট । মেৰামতিৰ অভাৱত ৰাজ্যৰ বিভিন্ন স্থানত ৰাষ্ট্ৰীয় ঘাইপথসমূহে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । প্রতিদিনেই বৃদ্ধি পাব ধৰিছে পথ দুৰ্ঘটনাৰ সংখ্যা ।

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 6:18 PM IST

Toll gates in Assam
Toll gates in Assam

গুৱাহাটী, ১ ছেপ্টেম্বৰ: ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ অৱস্থা অধিক শোচনীয় হৈ পৰাত বৰ্ত্তমান সময়ত যাতায়াত ব্যৱস্থা অসহনীয় হৈ পৰিছে । বৃদ্ধি পাইছে দুৰ্ঘটনাৰ সংখ্যা । এক কথাত ক'বলৈ গ'লে ৰাষ্ট্ৰীয় ঘাইপথসমূহ মৰণফান্দত পৰিণত হৈছে । এনে এক পৰিস্থিতিৰ মাজতো কিন্তু কেন্দ্ৰই ৰাষ্ট্ৰীয় ঘাইপথসমূহ মেৰামতি কৰাৰ বিপৰীতে টোলকৰ সংগ্ৰহতহে অধিক মনোনিৱেশ কৰিছে ।

মেৰামতিৰ অবিহনে জহি খহি গৈছে ৰাষ্ট্ৰীয় ঘাইপথ

লক্ষণীয় বিষয় যে কৰ সংগ্ৰহৰ লক্ষ্যৰে অসমত এখনৰ পাছত আন এখনকৈ টোলগেট স্থাপন কৰিছে চৰকাৰে । ৰাজ্যত বৰ্তমান কাৰ্যকৰী হৈ থকা টোলগেটসমূহত ৰাইজে বৰ্ধিত হাৰত টোল দি আহিছে । এইবাৰ ৰাজ্যত পুনৰ ১৮খন কৈ টোলগেট স্থাপনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে ।

অসমত পুনৰ স্থাপন হ’ব 18 খন টোলগেট

উল্লেখ্য যে ৰাজ্যত বৰ্তমান কাৰ্যকৰী হৈ থকা টোলগেটসমূহৰ যোগেদি চৰকাৰে বুজন পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিছে । ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দিয়া নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰখনে এটা বছৰতে টোলগেটৰ জৰিয়তে অসমৰ পৰা সংগ্ৰহ কৰিছে প্ৰায় ৪৬৬ কোটি টকা ।

অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা

মেৰামতিৰ অভাৱত ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে এই তথ্য প্ৰকাশ কৰিছে খোদ কেন্দ্ৰীয় চৰকাৰে । কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য মতে ২০২২-২৩ বিত্তীয় বৰ্ষত অসমত ৪৬৫.৯০ কোটি টকাৰ টোল মাচুল সংগ্রহ হৈছে ।

উল্লেখ্য যে কেন্দ্রীয় চৰকাৰৰ নিয়ম অনুসৰি এখন টোলগেট পৰা আন এখন টোলগেটৰ দূৰত্ব কমেও ৬০ কিলোমিটাৰ হ’ব লাগে । কিন্তু অসমত একমাত্র ৰাজহ সংগ্ৰহৰ বাবেই এই নিয়ম ভংগ কৰি চাৰিখনকৈ টোলগেট ৬০ কিলোমিটাৰৰ কম ব্যৱধানত স্থাপন কৰা হৈছে ।

তথ্য অনুসৰি মদনপুৰ আৰু নাজিৰাখাটত স্থাপন কৰা দুখন টোলগেটৰ মাজৰ দূৰত্ব হৈছে ৫৯ কিলোমিটাৰ । একেদৰে দাহালপাৰা আৰু পাটগাঁৱৰ মাজৰ দুখন টোলগেটৰ দূৰত্ব ৫৪ কিলোমিটাৰ, মিকিৰআটি আৰু ৰহাত স্থাপন হোৱা টোলগেট দুখনৰ মাজৰ ব্যৱধান ৫৩ কিলোমিটাৰ আৰু গলিয়া-দাহালপাৰা টোলগেট দুখনৰ দূৰত্ব হৈছে ৪৬ কিলোমিটাৰ ।

কিছু দিন পূর্বে কেন্দ্ৰীয় চৰকাৰে এনে টোলগেটসমূহ বন্ধ কৰা হ’ব বুলি ঘোষণা কৰিছিল যদিও অসমত আজিলৈকে নিয়ম ভংগ কৰি স্থাপন কৰা এখনো টোলগেট বন্ধ কৰা হোৱা নাই । ইফালে ৰাজ্যত বৰ্তমান কার্যক্ষম হৈ থকা টোলগেটৰ সংখ্যা হৈছে ৯খন । এই ৯খন টোলগেটৰ উপৰি ৰাজ্যখনত অনাগত দিনত ১৮খন নতুন টোলগেট স্থাপন কৰাৰ লক্ষ্য হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে । ইয়াকে ধৰি আগন্তুক দিনত ৰাজ্যখনত টোলগেটৰ সংখ্যা ২৭খনলৈ বৃদ্ধি পাব ।

লক্ষণীয় বিষয় যে আজিৰ তাৰিখত এখন টোলগেট অতিক্ৰম কৰিলে এখন ব্যক্তিগত বাহনে অতিকমেও প্রায় ১৩৫ টকা মাচুল ভৰিব লাগে । এনে পৰিস্থিতিত ৰাজ্যখনত টোলগেটৰ সংখ্যা ২৭ খনলৈ বৃদ্ধি পালে কি পৰিস্থিতিৰ কি হ'ব সেয়া সহজে অনুমেয় । ইফালে প্ৰতি বছৰে কেন্দ্ৰীয় চৰকাৰে আকৌ ৫-১৫ শতাংশ পর্যন্ত টোল মাচুল বৃদ্ধি কৰি আহিছে ।

যাৰ ফলত সাধাৰণ জনতাৰ মূৰত মাধমাৰ পৰিছে । কাৰণ টোল মাচুল বৃদ্ধি পোৱাৰ লগে লগে পৰিবহন ব্যয় বৃদ্ধি পায় আৰু যাৰ ফলত সামগ্ৰীৰ মূল্য বৃদ্ধি হয় । সেইদৰে বাছৰ ভাৰাও বৃদ্ধি হয়। কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ মেৰামতিৰ বাবেই টোল মাচুল সংগ্ৰহ কৰা হয় বুলি প্ৰকাশ কৰি আহিছে যদিও অসমত ৰাষ্ট্ৰীয় ঘাইপথসমূহ মেৰামতি কৰা হোৱা নাই ।

বৰ্তমান সময়তো ৰাজ্যখনৰ বিভিন্ন স্থানত মেৰামতিৰ অভাৱত ৰাষ্ট্ৰীয় ঘাইপথসমূহে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । প্রতিদিনেই পথ দুৰ্ঘটনাৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে । কিন্তু ইয়াৰ পাছতো পথসমূহ মেৰামতিৰ ক্ষেত্ৰত গুৰুত্ব দিয়া নাই চৰকাৰখনে । সুবিধা দিয়াৰ বিপৰীতে জনতাৰ ওপৰত কৰৰ বোজা জাপি দি ৰাজহ সংগ্ৰহতেই ব্যস্ত আছে বিজেপি চৰকাৰ ।

লগতে পঢ়ক:Tollgate in Assam: অসমত পুনৰ টোলগেট আৰম্ভ কৰিলে তীব্ৰ প্ৰতিবাদ হ’ব; শংকৰজ্যোতি বৰুৱা

ABOUT THE AUTHOR

...view details